ৰাজনৈতিক দলৰ মাজত আক্ৰমন-প্ৰত্যাক্ৰমনৰে অস্থিৰ হৈ পৰা ত্ৰিপুৰাত আজি আগৰতলা পৌৰ নিগম আৰু ১৩ খন পৌৰ সভাৰ নির্বাচন অনুস্থিত হৈছে ৷ শাসনাধিষ্ঠিত বিজেপি, প্ৰতিদ্বন্দীৰ ৰূপত নতুনকৈ অৱতীর্ন হোৱা তৃণমূল কংগ্ৰেছ আৰু দীর্ঘদিন ৰাজ্যখন শাসন কৰা চি পি আই (এম)ৰ বাবে পৌৰ নিগম আৰু পৌৰ সভাৰ নির্বাচন আগন্তুক বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত অগ্নিপৰীক্ষা হিচাপে বিবেচিত হৈছে ৷ শাসনাধিষ্ঠিত বিজেপিয়ে আটাইকেইখন আসনৰ বাবে প্ৰার্থী প্ৰদান কৰিছে ৷আগৰতলা পৌৰ নিগম আৰু ১৩ খন পৌৰ সভাৰ মুঠ ৩৩৪ খন আসনৰ ভিতৰত ১১২ খন বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে ৷ অৱশ্যে আন আসনসমূহত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ৷ নির্বাচনৰ পূর্বে ত্ৰিপুৰাত পৰিলক্ষিত হৈছিল হাই ভ’ল্টেজ ড্ৰামা ৷ নির্বাচনৰ প্ৰচাৰৰ বাবে তৃণমূল কংগ্ৰেছে ৰাজ্যখনলৈ শীর্ষ নেতৃত্বক প্ৰেৰণ কৰিছিল ৷ বিশেষকৈ ২০২৩ চনত ত্ৰিপুৰাৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি তৃণমূলে ৰাজ্যখনত নির্বাচনী কুচ-কাৱাজ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ নির্বাচন অনুষ্ঠিত হ’বলগীয়া ২২২ খন আসনৰ বাবে মুঠ ৭৮৫ জন প্র্ৰার্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ আগৰতলা পৌৰ নিগমৰ ৫১ টা ৱার্ডৰ লগতে ১৩ খন পৌৰ সভা আৰু ৬খন নগৰ পঞ্চায়তৰ নির্বাচনো অনুষ্ঠিত হৈছে ৷ ৫,৯৪,৭৭৭ গৰকী ভোটাৰে প্ৰার্থীসকলৰ ভাগ্য নির্ণয় কৰিব ৷