বঙাইগাঁৱত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসম অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰা ভাষা বিষয়ক প্ৰশ্ন কাকত দুখন আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
নতুন পৰীক্ষাৰ নিয়মাৱলী অনুসৰি এইবাৰ পৰীক্ষাত দুখন ইংৰাজী আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰা হৈছিল। সেই সন্দৰ্ভত বহুতো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ৰ কাকতখনৰ বিৰোধিতা কৰিছিল। আনহাতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলেও ইংৰাজী ভাষাৰ কাকতখনৰ প্ৰতি আগ্ৰহী নাছিল। আনহাতে অন্য জাতি জনজাতিৰ লোকসকলেও অসমীয়া বিষয়ৰ প্ৰশ্নকাকতৰ বিৰোধিতা কৰি বহুতো লোকে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল।
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই এই সকলোখিনি সমস্যাৰ অন্ত পেলাবলৈ সক্ষম হ’ল। ভাষা বিষয়ক প্ৰশ্নকাকত দুখন আঁতৰাই তিনিটা চৰ্ত বান্ধি দিয়ে।
এতিয়াৰে পৰা অসম অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ অসমৰ নাগৰিক হোৱাটো বাঞ্চনীয়। আবেদনকাৰীৰ অসমৰ নিয়োগ কেন্দ্ৰত নাম পঞ্জীয়ন থকা বাধ্যতামূলক। ইয়াৰ উপৰিও আবেদনকাৰীয়ে সলসলীয়াকৈ অসমীয়া বা নিজৰ মাতৃভাষা ক’বলৈ জনাটো বাধ্যতামূলক।
কেৱল অসমৰ নাগৰিকৰ বাবে অসম অসামৰিক সেৱাৰ পৰীক্ষা সম্পন্ন কৰাৰ যি সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে এই কথা বৰ্তমান পৰিস্থিতিত আদৰণীয় বুলি ক’ব পাৰি। প্ৰতি বছৰে বৃহৎ সংখ্যক উত্তৰ পূব বা ভাৰতৰ অন্য ঠাইৰ লোকে অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ অসমত চাকৰি পাই আহিছে। আনহাতে উত্তৰ পূব বা অন্য ৰাজ্যৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ ছাত্ৰই অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰা নাই বা কেতিয়াবা উত্তীৰ্ণ হ’লেও সেই ৰাজ্যৰ লোকসকলে কৰ্মস্থানত যোগদান কৰাত বাধা আৰোপ কৰি আহিছে। অসমৰ সন্তান সদায় বঞ্চিত হৈ আহিছে। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তই এই ক্ষেত্ৰত অসমৰ ছাত্ৰক সুযোগ প্ৰদান কৰিব।
উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ অসম অসামৰিক সেৱাৰ পৰীক্ষাত বহুতো উত্তৰ ভাৰতৰ লোককে ধৰি অন্য ৰাজ্যৰ লোকে পঞ্জীয়ন কৰাৰ তথ্য জানিবলৈ পোৱা গৈছে।