১৯৫২ চনৰ ৪নৱেম্বৰত জন্ম হৈছিল অসমৰ এইগৰাকী সু প্ৰসিদ্ধ কবিৰ৷ ভাৰত-বাংলাদেশ সীমান্তত কৰিমগঞ্জ জিলাৰ কালিনগৰ চাহবাগিচাৰ এটা উড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰা তাঁতীৰ পিতৃৰ নাম আছিল লোকনাথ তাঁতী আৰু মাতৃৰ নাম আছিল বৈতৰণী তাঁতী৷ সনন্ত তাঁতীয়ে বাংলা মাধ্যমত স্কুলীয়া শিক্ষা সাং কৰিছিল আৰু অসমীয়া ভাষাত নিজৰ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল৷ অসমীয়া সাহিত্যৰ অনবদ্য অৱদান সমূহৰ বাবে তেওঁ বিভিন্ন সময়ত বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ‘কাইলৈ দিনটো আমাৰ হ’ব’ নামৰ কাব্যসংকলন খনৰ বাবে তেওঁক ২০১৮ চনত সাহিত্য অকাডেমী সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ ২০১৭ চনত অসম উপত্যকা বঁটা, শৈলধৰ ৰাজখোৱা বঁটা লাভ কৰিছিল সনন্ত তাঁতীয়ে ৷
বহুদিনৰ পৰাই দুৰাৰোগ্য কৰ্কট ৰোগৰ স’তে যুঁজি থকা অসমৰ জনপ্ৰিয় কবিগৰাকীয়ে আজি পুৱতি নিশা যেন নিয়তিৰ ওচৰত হাৰ মানে ৷৬৯ বছৰ বয়সত দিল্লীৰ এপ’ল’ হস্পিতেলত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মহান কবি গৰাকীৰ দেহাৱসান ঘটে৷ এই অনাকাংক্ষিত বাতৰিয়ে সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পেলাইছে ৷ তেওঁৰ দেহাৱসান মানেই অসমীয়া কাব্য জগতৰ এক অপূৰণীয় ক্ষতি ৷১৪ খনকৈ গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰা মহান কবিগৰাকীৰ মহাপ্ৰয়াণত VOICE24X7 পৰিয়ালৰ পৰাও যাঁচিছো অশ্ৰু অঞ্জলি ৷