ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি এতিয়া আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীক চেৰ পেলাবলৈ সক্ষম হয়।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ হ্ৰাস হোৱাৰ ফলতে মুকেশ আম্বানী ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষস্থানৰ পৰা তললৈ নামে বুলি জানিবলৈ পোৱা গৈছে। ৰিলায়েঞ্চ গ্ৰুপৰ শ্বেয়াৰ ১.৭২ শতাংশৰ বিপৰীতে আদানি গ্ৰুপৰ শ্বেয়াৰ ২.৩৪ শতাংশলৈ বৃদ্ধি পায়।
২০১৫ চনৰ জুন মাহৰ পৰা বিগত ছবছৰ ধৰি মুকেশ আম্বানীয়ে একেৰাহে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হৈছিল। ছবছৰৰ পিছত প্ৰথমবাৰৰ বাবে গৌতম আদানিয়ে শীৰ্ষ স্থান লাভ কৰে।
উল্লেখযোগ্য যে মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯১ বিলিয়ন ডলাৰ। আনহাতে আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৮.৮ বিলিয়ন ডলাৰ।