দৈনন্দিন খাদ্য তালিকাৰ এক অপৰিহাৰ্য উপাদান হৈছে নিমখ।যিকোনো খাদ্যতে নিমখৰ অবিহনে যেন সকলোবোৰ অসম্পূৰ্ণ।প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ নিমখযুক্ত খাদ্য খালে শৰীৰত তাৰ পৰিনাম অতি ভয়ংকৰ হয়।অত্যধিক নিমখ শৰীৰৰ বাবে অপকাৰী ।
বেছিকৈ নিমখ খালে শৰীৰত অধিক মাত্ৰাত পানী সঞ্চিত হ’ব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰাৰ বাবে ৰক্তচাপ বৃদ্ধি পায়। পৰিণতিত হৃদযন্ত্ৰ আৰু ধমনীৰ ৰোগ হ’ব পাৰে। শৰীৰত নিমখৰ পৰিমাণ বেছি হ’লে ডায়েবেটিছ হোৱাৰো আশংকা থাকে। অত্যধিক নিমখ সেৱনে কিডনিৰ ওপৰতো যথেষ্ট ক্ষতি সাধন কৰে ।
বেছি পৰিমাণৰ নিমখ খালে সঘনাই পিয়াহ লাগে। শৰীৰত নিমখৰ পৰিমাণ বেছি হ’লে ছ’ডিয়ামৰ মাত্ৰা বৃদ্ধি পায়, ফলস্বৰূপে দেহত ফ্লইড বেলেন্স কমিবলৈ ধৰে। যাৰ ফলত সঘনাই পিয়াহ লগাতো স্বাভাৱিক ।
ছ’ডিয়ামৰ পৰিমাণ বেছি হ’লে শৰীৰৰ কোনো কোনো অংশ ফুলি উঠাৰ আশংকাও থাকে ।দেহত ছ’ডিয়ামৰ মাত্ৰা সঠিক নাথাকিলে মূৰৰ বিষ হ’ব পাৰে।ছ’ডিয়ামৰ কাৰণে হ’ব পৰা মূৰৰ বিষ ক্ৰনিক হ’ব পাৰে, যি সাধাৰণ মূৰৰ বিষতকৈ অলপ পৃথক আৰু অলপ দীঘলীয়া হয় ।
অত্যাধিক নিমখ খালে হাড়ৰ বিষ আৰু পাকস্থলীৰ কেন্সাৰ হোৱাৰ আশংকা থাকে। আনহাতে মেদবহুলতাও শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি হোৱাৰে এক পৰিণতি । প্ৰয়োজনতকৈ অধিক বা কম যিকোনো বস্তুয়েই স্বাস্থ্যৰ বাবে অপকাৰী । গতিকে নিজৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ সঠিক খাদ্য আৰু উচিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজন ।