পুনৰ আন এক শক্তিশালী ভুমিকম্পই জোঁকাৰি গ’ল অসমৰ লগতে সমগ্ৰ উত্তৰ পুর্বাঞ্চল ৷ ৰিখটাৰ স্কেলত ভূমিকম্প্টোৰ প্ৰাবল্য আছিল ৬.১ ৷ নেচনেল চেণ্টাৰ ফ’ৰ ছিছম’লজীৰ তথ্য অনুসৰি ভূমিকম্পটোৰ উৎস আছিল মিজোৰামৰ থেনজাৱালৰ পৰা দক্ষিণ পশ্চিমে ৭৩ কিলোমিটাৰ নিলগৰ ম্যানমাৰত ৷ পুৱা ৫ বাজি ১৫ মিনিট ৩৮ ছেকেণ্ডত কপাঁই যোৱা ভূমিকম্পটো ভূপৃষ্ঠৰ পৰা ১২ কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল ৷ অবশ্যে এই ভূমিকম্পটোৰ ফলত কোনোধৰনৰ ক্ষয় ক্ষতি হোৱাৰ বতৰি অহা নাই ৷