কভিদ ভেকচিনৰ প্ৰতি এতিয়াও সমাজৰ বহু ঠাইত কিছুমান অন্ধবিশ্বাস জড়িত হৈ আছে। বহুতে কভিদ১৯ ৰোগকো চৰকাৰৰ ষড়যন্ত্ৰ বুলিহে উল্লেখ কৰে। ভেকচিনৰ প্ৰতি আগ্ৰহী নোহোৱা লোকসকলক ভেকচিন প্ৰদান কৰিবলৈ এতিয়া মধ্যপ্ৰদেশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্দছুৰ জিলা প্ৰশাসনে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা লোকসকলক দেশীয় সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত ১০% ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে।
এই পদক্ষেপৰ দ্বাৰা ব্যক্তিসকল কভিদ ভেকচিনৰ প্ৰতি আগ্ৰহী হ’ব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। অৱশ্যে প্ৰশাসনৰ এই নীতিক বহুতে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।
কভিদ ভেকচিনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মহাৰাষ্ট্ৰ প্ৰশাসনে চলমান খানক অনুৰোধ জনাইছে। মুছলমান বসতিপূৰ্ণ বহুতো এলেকাৰ লোকসকলে ভেকচিন গ্ৰহণৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বাবে চুপাৰষ্টাৰ চলমান খানক তেওঁলোকক বুজনি দিবলৈ অনুৰোধ কৰিছে।