আর্থিকভাবে দুর্বল পৰিয়ালৰ বাবে কন্যাসন্তানৰ বিবাহত অন্যতম চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈ আহিছে যৌতুক প্ৰথা ৷ সমাজৰ পৰা এই প্ৰথা বিলুপ্ত কৰাৰ বাবে বিভিন্ন সময়ত দাবীও উত্থাপিত হৈ আহিছে ৷ তৎসত্বেও দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত হৈ আহিছে যৌতুক প্ৰথা ৷ ইয়াৰ মাজতে ৰাজস্থানৰ এগৰাকী যুৱতীৰ কাহিনীয়ে দৃষ্টি আকর্ষন কৰিছে দেশবাসীৰ ৷ ৰাজস্থানৰ বার্মাৰ চহৰৰ অঞ্জলি কানৱাৰ নামৰ যুৱতীগৰাকীয়ে বিয়াৰ পূর্বে পিতৃক বান্ধি দিলে এটা বিশেষ চর্ত ৷ তেওঁৰ বিয়াত যৌতুকৰ বাবে একাষৰীয়াকৈ ৰখা ধনেৰে ছাত্ৰীনিবাস নির্মান কৰিব লাগিব বুলি পিতৃৰ লগতে দৰাৰ পৰিয়ালক সৈমান কৰে ৷ কন্যাৰ ইচ্ছা অনুসৰিয়েই পিতৃ কিশোৰ সিং কানৱাৰে যৌতুকৰ বাবে জমা কৰা ৭৫ লাখ টকা ছাত্ৰীনিবাস নির্মাণ কৰাৰ নামত প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দৈনিক ভাস্কৰ নামৰ হিন্দী বাতৰি কাকতখনত এই সন্দর্ভত সবিস্তাৰে প্ৰকাশ পাইছে এক বিশেষ প্ৰতিবেদন ৷ ইতিমধ্যে অঞ্জলিৰ এই কার্যক সামাজিক মাধ্যমত সকলোৱে প্ৰশংসা কৰিছে ৷
প্ৰকাশিত তথ্য অনুসৰি বিয়াৰ মাংগলিক কার্য সম্পূর্ণ হোৱাৰ পাছতে অঞ্জলিয়ে নিজৰ ইচ্ছাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে ৷ লগে লগে উপস্থিত অতিথি সকলে হাত চাপৰিৰে তেওঁক সমর্থন আগবঢ়াই ৷ বিবাহস্থলীতে অঞ্জলিক পিতৃয়ে প্ৰদান কৰে এখন খালী চেক ৷ নিজৰ ইচ্ছা অনুসৰি অঞ্জলীক চেকখনত ধনৰ পৰিমান লিখি ল’বলৈ অনুমতি দিয়ে পিতৃয়ে ৷ পৰবর্তী সময়ত অঞ্জলীয়ে ৭৫ লাখ টকাৰ চেকখন ছাত্ৰীনিবাস নির্মাণ কৰাৰ বাবে প্ৰদান কৰে ৷