অসমৰ সাংস্কৃতিক জগতখনৰ বৰ্তমানৰ অৱস্থা অতি শোচনীয় । ভাৰতৰ বাহিৰৰ ৰাজ্যসমূহৰ তুলনাত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন যথেষ্ট পিছপৰা । বিগত প্ৰায় দুটা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । কিন্তু বৰ্তমান বিশ্বজুৰি চলি থকা কৰ’নাৰ সন্ত্ৰাসে যেন অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক বিভিন্ন সমস্যাৰে আগতকৈ অধিক ভাৰাক্ৰান্ত কৰি তুলিলে ।
অসমীয়া ছবিৰ ক্ষেত্ৰত সদায় সন্মুখীন হোৱা এক সমস্যা হৈছে ছবিগৃহৰ সমস্যা । এই সমস্যাক অধিক ভয়াবহ কৰি তুলিলে কৰ’না মহামাৰীয়ে । কাৰণ এই মহামাৰীৰ বাবেই অসমৰ ভিন্ন প্ৰান্তত থকা চিত্ৰগৃহ সমূহ এটা এটা কৈ বন্ধ হৈ আহিব ধৰিছে ।
উল্লেখযোগ্য কথা এই যে বিগত বৰ্ষৰ লকডাউনৰ সময়ৰ পৰাই অসমৰ চিত্ৰগৃহসমূহ বন্ধ হৈ আছিল । মাজতে কিছু ৰেহাই দি চিনেমাহল সমূহ খোলাৰ ব্যৱস্থা কৰা হৈছিল যদিও চিনেমা চাবলৈ যোৱা দৰ্শকৰ সংখ্যা খুব কম দেখা গ’ল । আনহাতে কৰ’নাৰ প্ৰথম ঢৌৱে বিধ্বস্ত কৰি যোৱা সাংস্কৃতিক জগতখনক কৰ’নাৰ দ্বিতীয়টো ঢৌৱে আৰু অধিক শোচনীয় কৰি তুলিলে।
উপযুক্ত চিত্ৰগৃহ নাথাকিলে অসমীয়া ছবিসমূহক কিদৰে জীয়াই ৰাখিব তাকে লৈ এতিয়া চিন্তাত পৰিছে সাংস্কৃতিক কৰ্মীসকল । বিগত সময়ত ৰাজ্যত বহুতো চিত্ৰগৃহ আছিল যদিও ভিন্ন কাৰণত বন্ধ হৈ গৈছিল । তাৰ মাজতে কোনোমতে জীয়াই থকা ছবিগৃহ সমূহ আছিল বিভিন্ন সমস্যাৰে জৰ্জৰিত । ফলত এনে ছবিগৃহত চিনেমা মুক্তি দি ধন ঘূৰাই পোৱাতো প্ৰযোজক সকলৰ বাবে আছিল যথেষ্ট কষ্টকৰ ।
কিন্তু বৰ্তমান সময়ত সেই বাটো যেন মুদা মৰাৰ উপক্ৰম হৈছে । কাৰণ কৰ’না মহামাৰীৰ সময়ত বহুকেইটা চিত্ৰগৃহ বন্ধ হৈ যোৱাত সাংস্কৃতিক জগতখনৰ বাবে ই এক ভয়ানক সমস্যা হৈ দেখা দিছে ।আনহাতে ছবিগৃহত কাম কৰা লোকসকলৰো অৱস্থা বহুত শোচনীয় হৈ পৰিল কাৰণ ছবিগৃহ বোৰ বন্ধ হৈ যোৱাৰ বাবে মালিকপক্ষই কৰ্মচাৰীসকলক ভালদৰে দৰমহা দিব পৰা নাই । ফলত তেনেলোকসকলেও যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।
বিগত প্ৰায় দুটা দশকৰ পৰা সমস্যাৰে জৰ্জৰিত হৈ থকা সাংস্কৃতিক ক্ষেত্ৰখন যেন আৰু ধ্বংসৰ গৰাহলৈ সোমাই পৰিল । তথাপিতো কোনো নিশ্চয়তা নথকা , কোনো শেষ নথকা এনে পৰিস্থিতিৰ মাজতো বহুতো লোক এতিয়াও আশাবাদী । সোনকালেই এই ভয়াৱহ দিনবোৰৰ অন্ত হৈ ভাল দিন আহক তাৰ বাবে সাংস্কৃতিক কৰ্মীসকলে এতিয়াও আশা কৰি আছে । যিহেতু বৰ্তমানৰ পৰিস্থিতিৰ লগত লাহে লাহে সকলো অভ্যস্ত হৈ পৰিছে , গতিকে এনে দুৰ্যোগৰ মাজতেই সকলোৱে ভাল দিন অহালৈ হেঁপাহেৰে বাট চাই আছে ।