আজিৰ পৰা ডিব্ৰুগড়ৰ গগণ চন্দ্ৰ সোণোৱাল সমন্বয় ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ আৰম্ভ হৈছে। দুদিনীয়া কাৰ্য্যসূচীৰে অধিবেশনৰ আৰম্ভ হ’ব।
আজি পুৱা ৮ বজাত সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বড়াই উদ্বোধন কৰে। সাহিত্য সভাত এখনি বিশেষ আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক নগেন শইকীয়া, গোবিন্দ টাইদ, প্ৰশান্ত বড়োকে ধৰি কেইবাজনো গণ্য ব্যক্তিয়ে আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব। আলোচনাচক্ৰৰ আঁত ধৰিব গুণেশ্বৰ সোণোৱালে।
সাহিত্য সভাৰ অধিৱেশনত ৫০ খনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ’ব। ইয়াৰে ৩৯ খন গ্ৰন্থ সোণোৱাল পৰিষদৰ অৰ্থ সাহাৰ্য্যত ছপা কৰি উলিওৱা হৈছে।