২৮ নৱেম্বৰত শোণিতপুৰ জিলাত অসম চৰকাৰৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ শুভাৰম্ভ হ’ব। ১১ লাখ হিতাধিকাৰীয়ে এই আঁচনিৰ সহায়ত সাহাৰ্য্য লাভ কৰিব।
সমগ্ৰ দেশৰ ভিতৰতে মাইক্ৰ’ফাইনেঞ্চৰ ক্ষুদ্ৰ ঋণ লোৱা লোকক সকাহ প্ৰদান কৰিবলৈ প্ৰণয়ন কৰা এইখন প্ৰথম আঁচনি। আঁচনিখনৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ঋণীক ২৫ হাজাৰ টকা অথবা ঋণৰ যিটোৱেই প্ৰদান কম হয়, সেই পৰিমাণে সাহাৰ্য্য চেকৰ জৰিয়তে প্ৰদান কৰা হ’ব।
প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীসকলক উদগণিমূলক সাহাৰ্য্য প্ৰদান কৰাৰ পিছত বাকী দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ হিতাধিকাৰীক পৰ্য্যায়ক্ৰমে সকাহ প্ৰদান কৰিব বুলি জানিবলৈ পোৱা গৈছে।
ইফালে ঋণগ্ৰস্তসকলক সকাহ প্ৰদান কৰিবলৈ অসম চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা ৬০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰে। নতুন চৰকাৰে ছমহীয়া কাৰ্য্যকালত সৰ্বমুঠ ৫ হাজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ খবৰে সচেতন মহলক চিন্তিত কৰি তুলিছে।
মাইক্ৰ’ফাইনেঞ্চৰ ঋণ গ্ৰহণ কৰি অসমৰ বহু মহিলা, নৱ প্ৰজন্মই স্বাৱলম্বনৰ পথ বাচি লৈছিল। কিন্তু অসমৰ একাংশ লোকে ঋণ লৈ ঋণৰ পইচাৰে জুৱা খেলি, স্কুটি কিনি, মহিলাসকলে কাপোৰ, গহনাত খৰচ কৰি ঋণৰ কিষ্টি পৰিশোধৰ পৰা বিৰত থকাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে।
মাইক্ৰ’ফাইনেঞ্চে অসমৰ গ্ৰাম্য অৰ্থনীতি একপ্ৰকাৰে ধ্বংস কৰিলে বুলি ক’লেও ভুল কোৱা নহ’ব। অসমৰ মানুহৰ অসচেতন মনোভাৱ, অমনোযোগিতা, কৰ্মস্পৃহাৰ অভাৱে ৰাজ্যখনৰ অৰ্থ ব্যৱস্থা দুৰ্বল কৰি পেলালে।
ঋণ লৈ স্বাৱলম্বনৰ পথ বাচি লৈ কভিদ পৰিস্থিতিত অৰ্থ সংকটত ভোগা লোকসকলৰ বাহিৰে ঋণ লৈ বিলাসিতা কৰাসকলৰ ঋণ মাফ কৰা কোনো যুক্তিসংগত হ’ব নোৱাৰে।
চৰকাৰে অতিৰিক্ত ঋণ লোৱাৰ ফলত মূল্য বৃদ্ধিয়ে ৰাজ্যখন কোঙা কৰিছে। ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতি অতি ভয়াবহ হ’বলৈ ধৰিছে। এই কথাই এক সংকটপূৰ্ণ ভৱিষ্যতৰ আগজাননী কঢ়িয়াই আনিছে।