ৰাজকন্যা বৰুৱা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। কালি দিছপুৰ আৰক্ষীয়ে পুনৰ কাৰাগাৰতে গ্ৰেপ্তাৰ কৰে।
পূৰ্বে জামিন পোৱা ৩৬১৬৷২১ নম্বৰ গোচৰত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে।
যোৱা ১ অক্টোবৰ তাৰিখে মহানগৰৰ ৰুক্মিণী গাঁৱত মাজনিশা পদ পথত কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিছিল।
গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত শ্ৰমিক জোচেফ মাৰাকৰ চিকিৎসালয়ত মৃত্যু হয়।
সম্প্ৰতি জেলত থকা ৰাজকন্যা বৰুৱাৰ কি শাস্তি হ’ব এই লৈ সকলোৰে উৎসুকতা