ভোটাৰ তালিকাত সন্নিৱিষ্ট হ’বলৈ আৰু ভোটাৰ তালিকাত নাম শুধৰণিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা ৩০ নৱেম্বৰলৈকে সকলো ব্যক্তিয়ে নিকটতম ভোটকেন্দ্ৰলৈ গৈ ভোটৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নিজৰ নাম সংশোধন কৰিবও পাৰিব।
৬নং আবেদনৰ জৰিয়তে নতুন ভোটাৰসকলে আবেদন কৰিব পাৰিব। আনহাতে ৭ নং প্ৰপত্ৰৰ জৰিয়তে নাম কৰ্তনৰ বাবে আবেদন কৰিব পাৰিব। ৮ নং প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত থকা কোনো দিশ শুধৰণি কৰিব পাৰিব। ৮ নং ক প্ৰপত্ৰৰ জৰিয়তে এটা ভোটকেন্দ্ৰৰ পৰা আন এটা কেন্দ্ৰলৈ নাম স্থানান্তৰ কৰিব পাৰিব।
ফটোগ্ৰাফ, বয়সৰ প্ৰমাণপত্ৰ আৰু বাসস্থানৰ প্ৰমাণপত্ৰসহ নিকটতম ভোটাৰ কেন্দ্ৰত ইচ্ছুকসকলে আবেদন জনাব পাৰিব।