ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাসমুহৰ অন্যতম হৈছে গার্হস্থ্য হিংসা ৷ স্বামী আৰু পত্নীৰ মাজত হোৱা হাই-কাজিয়াই এখন সংসাৰলৈ অশান্তি কঢ়িয়াই আনিব পাৰে ৷ বিশেষকৈ স্বামীয়ে পত্নীক প্ৰহাৰ কৰাৰ ঘটনা আমাৰ সমাজত তেনেই সুলভ ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতৰ কেইবাখনো ৰাজ্যৰ মহিলাসকলে এতিয়াও ভাবে স্বামীয়ে পত্নীক প্ৰহাৰ কৰাটো ন্যায়সংগত ৷ তেলেংগানা, কর্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ৮০ শতাংশ মহিলাই স্বামীয়ে পত্নীক প্ৰহাৰ কৰাটো ন্যায়সংগত বুলি ভাবে ৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি তেলেংগানাত ৮৪ শতাংশ, অন্ধ্ৰপ্ৰদেশত ৮৪ শতাংশ আৰু কর্ণাটকত ৭৭ শতাংশ মহিলাই স্বামীয়ে পত্নীক প্ৰহাৰ কৰাতো ন্যায়সংগত বুলি ভাবে ৷ মুঠ ১৮ খন ৰাজ্যক এই সমীক্ষাত সামৰি লোৱা হৈছিল ৷ ইয়াৰে ১৪ খন ৰাজ্যৰ ৩০ শতাংশ মহিলাই ভাবে যে বিশেষ পৰিস্থিতিত তেওঁলোকে স্বামীয়ে পত্নীক প্ৰহাৰ কৰাটো ন্যায়সংগত বুলি ভাবে ৷
সমীক্ষাৰ সময়ত মহিলাসকলক সোধা হৈছিল – ‘স্বামী্য়ে পত্নীক প্ৰহাৰ কৰাটো আপোনালকে ন্যায়সংগত বুলি ভাবেনে ?’ এই ক্ষেত্ৰত স্বামীয়ে কি কাৰণত পত্নীক প্ৰহাৰ কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত অধিকাংশ মহিলাই প্ৰকাশ কৰিছিল যে ঘৰ অথবা সন্তানক অৱহেলা কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় ৷ আন একাংশ মহিলাই প্ৰকাশ কৰা অনুসৰি শহুৰ-শাহুৱেকক অৱহেলা কৰাৰ বাবেও স্বামীয়ে প্ৰহাৰ কৰে পত্নীক ৷
সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অসমত শহুৰ-শাহুৱেকক অবহেলা কৰাৰ বাবে স্বামীয়ে পত্নীক প্ৰহাৰ কৰা বুলি এই সমীক্ষাত প্ৰকাশ পাইছে ৷ অসমৰ উপৰি আন ১৩ খন ৰাজ্যৰ মহিলায়ো মুলতঃ শহুৰ-শাহুৱেকক অৱহেলা কৰাৰ বাবে স্বামীৰ প্ৰহাৰৰ বলি হ’বলগীয়া হৈছে বুলি প্ৰকাশ কৰিছিল ৷