‘কদাচিত ক্যুপতে মাতা নোন্দৱস্থা হৰীতকি’ অৰ্থাৎ সন্তানৰ প্ৰতি মাকৰ কেতিয়াবা বেয়া ভাৱ উপজিলেও শিলিখা ভক্ষণে আমাক কেতিয়াও অপকাৰ নকৰে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফল হ’ল শিলিখা৷ শিলিখাৰ সকলো ৰোগ হৰণ কৰিব পৰা ক্ষমতা থকা বাবে ইয়াৰ আন এক নাম হ’ল হৰীতকি ৷শিলিখাক অমৃতৰ সমান বুলি কোৱা হয়৷
জনবিশ্বাস :-শিলিখা সম্পৰ্কে জনবিশ্বাস আছে জে গণেশ চতুৰ্থীত হোম যজ্ঞ শেষ হোৱাৰ পিছত পূজাত ব্যৱহাৰ হোৱা শিলিখা ভক্তই পাবৰ বাবে হেতাওপৰা লগাই ৷এই শিলিখাৰ সামান্য খালেই সকলো পাপ নাশ হয় বুলি জনবিশ্বাস আছে৷ আনহাতে লক্ষীপূজাতো শিলিখা দিয়া হয়৷ ঐশ্চৰ্য্য বিভূতিৰ দেৱী লক্ষীৰ শিলিখা অতি প্ৰিয় বুলি জনবিশ্বাস আছে৷
শিলিখা সাত প্ৰকাৰৰ :-
শিলিখাৰ বিষয়ে ডাকৰ বচনত আছে:-বিজয়া,ৰোহিণী,পুতনা,অমৃতা,অভয়া,জীৱন্তী আৰু চেতকী ৷
শিলিখাৰ গুণাগুণ :-
- শিলিখা চোবাই খালে সহজে ভোক লাগে,হজম শক্তি বৃদ্ধি হয়
- শিলিখা ভাজি খালে বায়ু ,পিত্ত আৰু কফ নাশ হয়
- শিলিখা পিহি পানীত তিয়াই পানীখিনি খালে কেঁচুমূৰীয়া আৰু গ্ৰহণী ৰোগ ভাল হয়
- শিলিখা নিমখৰ লগত খালে কফ নাশ হয় আৰু হজম শক্তি বাঢ়ে
- শিলিখা চেনিৰ লগত খালে পিত্ত নাশ হয়
- পানীত তিয়াই পানীখৰে চকু ধুলে দৃষ্টিশক্তি বাঢ়ে
- শিলিখা ঘিউৰ লগত খালে বায়ু নাশ হয়
- শিলিখাৰ গুটিৰ পৰা মঙহখিনি আতৰাই গুড়ত সিজাই খালে বা গুড়ৰ পানীত তিয়াই খালে সকলো ৰোগ নাশ হয়৷
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় আৰু সেইমতে ভিন্ন গুণ পোৱা যায়৷শিলিখা ভিন্ন ঋতুত ভিন্ন দ্ৰব্যৰ লগত খালে সৰ্বৰোগ নাশ হয় আৰু দীৰ্ঘায়ু হয়৷
- বাৰিষা কালত নিমখৰ লগত
- শৰৎ কালত চেনিৰ লগত
- শীতৰ শেষত পিপলিৰ লগত
- বসন্ত কালত মৌৰ লগত
ডাকৰ বচনত শিলিখাৰ বিষয়ে এনেকৈ উল্লেখ আছে :-
- আদাই ভোজন শিলিখাই মুখশুদ্ধি,তাৰ শৰীৰত নাই ৰোগৰ বৃদ্ধি৷৷
- ভাত খাই যি খাই তিনি শিলিখা ,তেওঁৰ মানত ৰোগ তিলিকা৷৷