নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসম উত্তৰ পূবৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰ ৰাজ্য। অসমৰ মুঠ জনসংখ্যাৰ ৩২.৬৭% লোক অৰ্থাৎ ১.১৫ সংখ্যক লোক দৰিদ্ৰ। ধুবুৰী আৰু হাইলাকান্দি জিলা আটাইতকৈ দৰিদ্ৰ জিলা হিচাপে বিবেচিত হৈছে। আনহাতে কামৰূপ মহানগৰ জিলাক আটাইতকৈ ধনী জিলা বুলি উল্লেখ কৰিছে।
আনহাতে দৰিদ্ৰতাৰ ক্ষেত্ৰত অসম দেশৰ পঞ্চম স্থানত আছে। শীৰ্ষ স্থানত আছে ক্ৰমে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু মেঘালয়। ৰাজ্যসমূহৰ অৰ্থব্যৱস্থাকে ধৰি শিক্ষা, স্বাস্থ্য, পৰিপুষ্টি, বেংক একাউণ্টৰ তথ্য, জীৱিকা, জীৱন শৈলীকে ধৰি বহুতো দিশ অধ্যয়ন কৰি এই তালিকা প্ৰস্তুত কৰিছে।
দৰিদ্ৰ অসমৰ প্ৰকৃত ছবিখন সন্মুখলৈ অহাত সচেতন মহল চিন্তিত হৈ পৰিছে। অলপতে অসম চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্ত সকলক ৰেহাই দিবলৈ ৬ হাজাৰ কোটিৰ ঋণ গ্ৰহণ কৰাৰ খবৰে সকলোকে বিমোৰত পেলাইছে। আনহাতে ইখনৰ পিছত সিখন আঁচনিৰ ৰূপায়নে অসমৰ একাংশ লোকক এলেহুৱা হোৱাত উদগণি যোগাইছে।
উল্লেখযোগ্য যে প্ৰাকৃতিক দুৰ্যোগত প্ৰতি বছৰে বিধস্ত হোৱা, পৰ্যটন উদ্যোগৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল কেৰেলা হৈছে ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য। আনহাতে প্ৰাকৃতিক সম্পদত চহকী সাৰুৱা কৃষিভূমিৰ অধিকাৰী অসম দৰিদ্ৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পঞ্চম স্থানত আছে।