বামুণীমৈদামৰ কুশলনগৰত পুনৰ সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ নিজ ভাতৃ কমল দাসক হত্যা কৰি আত্মসমৰ্পন জিণ্টু দাস নামৰ এজন লোকৰ ৷নিতৌ নিচা জাতীয় সামগ্ৰী সেৱন কৰা জিণ্টুৱে ড্ৰাগছৰ বাবেই একেটা কোঠাতে শুই থকা ককায়েকৰ স’তে প্ৰথমতে তৰ্কা তৰ্কিত লিপ্ত হয় আৰু শেষৰ ফালে তৰ্কা তৰ্কীয়ে বিষম ৰূপ লোৱাত ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ ককায়েক কমল দাসক৷ শেহতীয়া খবৰ অনুসৰি ককায়েকক হত্যা কৰি প্ৰথম অৱস্থাত পলায়ন কৰা জিণ্টু দাসে ইতিমধ্যে থানাত আত্মসমৰ্পন কৰিছে৷