জনপ্ৰিয় ছচিয়েল মিডিয়া টুইটাৰক নেতৃত্ব দিব ভাৰতীয় মুলৰ ব্যক্তিয়ে ৷ টুইটাৰৰ নতুন চি ই অ’ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় মুলৰ পৰাগ আগৰৱালক ৷ আই আই টি বোম্বেৰ প্ৰাক্তন ছাত্ৰ তথা টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া পৰাগে চি ই অ’ৰ দায়িত্ব গ্ৰহন কৰিব ৷ প্ৰতিষ্ঠানটোৰ সহ প্ৰতিষ্ঠাপক তথা বর্তমানৰ চি ই অ’ জেক ডৰচিৰ কার্যকাল শেষ হোৱাৰ লগে লগে পৰাগে এই দায়িত্ব গ্ৰহণ কৰিব ৷
আই আই টিৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতে পৰাগ আগৰৱালে স্টেনফর্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰে ৷ ২০১১ চনত টুইটাৰত যোগদান কৰাৰ পূর্বে তেওঁ মাইক্ৰ’ছফট্, ইয়াহু আদিৰ দৰে প্ৰতিষ্ঠানত কাম কৰিছিল ৷ পৰাগ আগৰৱালক এই পদত নিযুক্তি দিয়াৰ লগে লগে এক ডজনতকৈয়ো অধিক আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানত শীর্ষ পদৰ দায়িত্ব লাভ কৰিলে ভাৰতীয় মূলৰ ব্যক্তিয়ে ৷