অসমত ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা ৫ ডিচেম্বৰলৈ আৰম্ভ কৰিছে সপ্তাহ জোৰা বিশেষ কাৰ্যসূচী ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়। মুখ্যমন্ত্ৰী, মন্ত্ৰীবৰ্গ, সাংসদ, বিধায়কৰ লগতে মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আৰম্ভ কৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ, সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ প্ৰত্যেকেই একোটাকৈ ভোটদান কেন্দ্ৰ এলেকালৈ গৈ এতিয়াও ক’ভিড প্ৰতিষেধক নোলোৱা সকলো দ্বিধাগ্ৰস্ত যোগ্য লোককে এই প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহিত কৰাত উদ্যোগ লৈছে।
অসম চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত ১০০ শতাংশ প্ৰথমপালি ক’ভিড প্ৰতিষেধক সম্পূৰ্ণ কৰিবলৈ বাকী আছে আৰু মাথো ৩ লাখ লোক।’হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ আজি প্ৰথম দিনা সন্ধিয়া ৬ বজালৈকে ৰাজ্যত ৪০,৭৮১ গৰাকী লোকে পূৰ্বৰ দ্বিধা এৰি ল’লে প্ৰথম পালি প্ৰতিষেধক।ৰাজ্যৰ ২৮,২০৫ টা ভোটকেন্দ্ৰ এলেকাত আৰম্ভ হৈছে ১০০ শতাংশ যোগ্য লোকক ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে এই বিশেষ প্ৰমাণিকৰণ আৰু উদগণি অভিযান।
শেহতীয়া ভোটাৰ তালিকাৰ আধাৰত ৰাজ্য চৰকাৰে স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাড়ী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ’, ভিডিপিৰ সদস্যৰ সহায়ত প্ৰতিটো ভোটকেন্দ্ৰ এলেকা সামৰি চলোৱা জৰীপৰ তথ্য মতে অসমত ক’ভিড প্ৰতিষেধক গ্ৰহণৰ যোগ্য বিবেচিত লোকৰ সংখ্যা ২.১৩ কোটি। ২৮ নৱেম্বৰলৈকে প্ৰথমপালি ক’ভিড প্ৰতিষেধক ল’লে ২.১০ কোটি লোকে।হৰ ঘৰ দস্তক অভিযানৰ জৰিয়তে ঘৰে ঘৰে গৈ ক’ভিদ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে