১/আহাৰ তেতিয়া হে গ্ৰহণ কৰক যেতিয়া আপোনাৰ সঁচাকৈয়ে ভোক লাগে। ভোক নলগাকৈ আহাৰ খালে সি সহজে হজম নহ’বও পাৰে।
২/ ম’বাইল, টিভি,লেপটপ সকলো বোৰ আতৰত থৈ এটুকুৰা শান্তিপূৰ্ণ ঠাইত বহি আহাৰ গ্ৰহণ কৰক।
৩/আমাৰ সকলোৰে শৰীৰৰ গঠন বেলেগ বেলেগ । সেয়ে আপোনাৰ শৰীৰটোক যিমান প্ৰয়োজন নিতৌ সিমান আহাৰহে গ্ৰহণ কৰক।
৪/পৰাপক্ষত ভাল দৰে ৰন্ধা আহাৰ হে গ্ৰহণ কৰক।ফ্ৰীজৰ পৰা উলিয়াই কোনো বস্তু গৰম নকৰাকৈ নাখাব। কাৰণ ফ্ৰীজত থোৱা খাদ্য সহজে হজম নহয় আৰু এই খাদ্যই আমাৰ শৰীৰৰ প্ৰচুৰ ক্ষতি সাধন কৰে।
৫/সদায় স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব লাগে।পৰা পক্ষত শুকান আহাৰৰ পৰিৱৰ্তে সামান্য তেলীয়া বা ৰসাল আহাৰ গ্ৰহণ কৰিব লাগে,যি আহাৰ হজম কৰাত সহায় কৰে।
৬/ অপথ্য খাব নালাগে , অৰ্থাৎ অমিল খাদ্য যেনে- গাখীৰ আৰু ফলমূল, গাখীৰ আৰু মাছ ইত্যাদি।ই আমাৰ শৰীৰত বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।
৭/আহাৰ গ্ৰহণ কৰোঁতে আমাৰ পঞ্চ ইন্দ্ৰিয় সক্ৰিয় হৈ থাকিব লাগে।নাকেৰে সুঘ্ৰাণ,জিভাৰে সোৱাদ, কাণেৰে আহাৰ চোবোৱাৰ শব্দ আদি সকলো বোৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত অনুভৱ কৰিব লাগে তাৰ ফলত আমাৰ সমগ্ৰ শৰীৰ সক্ৰিয় হৈ থাকে।
৮/কেতিয়াও খৰধৰকৈ আহাৰ খাব নালাগে।ধৈৰ্য্য সহকাৰে লাহে লাহে ভালকৈ চোবাই হে আহাৰ খাব লাগে।অন্যথা আহাৰ ভালকৈ হজম নহয় আৰু তাৰ ফলত শৰীৰত যিকোনো ৰোগ হ’ব পাৰে।
৯/আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত নিয়মানুবৰ্তিতা মানি চলিব লাগে। আহাৰ খোৱাৰ সময় সদায় একেই হ’ব লাগে। অনিয়মিত খাদ্যাভ্যাসেও মানুহক ৰুগীয়া কৰে।
এই ৯টা নিয়ম মানি চলিলে আপুনি সদায় এজন স্বাস্থ্যবান মানুহ হৈ থাকিব পাৰিব আৰু নিশ্চয়কৈ আপোনাৰ জীৱন আপুনি বিচৰাৰ ধৰণে উদযাপন কৰিব পাৰিব ।