২০২১ বৰ্ষৰ শেষৰ মাহটোৰ প্ৰথম দিনটোতে মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ ৰাইজক ৷চৰকাৰী তেল বিপণন কোম্পানীসমূহে ১ ডিচেম্বৰৰ পৰা এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে৷দেশৰ সৰ্ববৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ১৯ কিল’গ্ৰামৰ প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য ১০৩.৫০টকালৈকে বৃদ্ধি কৰিছে৷
বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য কমাৰ্চিয়েল চিলিণ্ডাৰে আজি দিল্লীত ২১০০ টকা অতিক্ৰম কৰিছে আনহাতে মুম্বাইত ১৯ কিল’গ্ৰামৰ চিলিণ্ডাৰৰ মূল্য২০৫১ টকা,ক’লকাতাত ১৯ কিল’গ্ৰামৰ ইণ্ডেন গেছ চিলিণ্ডাৰৰ মূল্য২১৭৮.৫০ টকা আৰু চেন্নাইত ১৯ কিল’গ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২২৩৪ টকালৈ বৃদ্ধি পাইছে৷
আনহাতে ১৪.২ কিল’গ্ৰাম ওজনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য দিল্লীত ৰাজসাহাৰ্য্যবিহীন ভাৱে ৮৯৯.৫০ টকা,মুম্বাইত ৮৯৯.৫০টকা ,ক’লকাতাত ৯২৬.০০ টকা আৰু চেন্নাইত ৯১৫.৫০টকা৷ উল্লেখনীয় যে ইয়াৰ পূৰ্বে ৬ অক্টোবৰত এল পি জিৰ মূল্য বৃদ্ধি কৰা হৈছিল৷