বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰ বুলি কলে আপোনাৰ মনলৈ হয়তো পেৰিচ অথবা ছিংগাপুৰ অথবা নিউয়র্ক চহৰৰ কথা মনলৈ আহে ৷ কিন্তু আপুনি ভবাৰ দৰে এইকেইখন চহৰ বর্তমান বিশ্বৰ সবাতোকৈ ব্যয়বহুল চহৰ নহয় ৷ নতুন সমীক্ষা অনুসৰি বর্তমান বিশ্বৰ সবাতোকৈ ব্য়য়বহুল চহৰ হৈছে তেল আভিভ ৷ ইকন’মিষ্ট ইন্টেলিজেন্স ইউনিটৰ সমীক্ষা অনুসৰি ৫ টা স্থান উন্নীত হৈ তেল আভিভ চহৰে এইবাৰ শীর্ষ স্থান লাভ কৰিছে ৷ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ দ্বিতীয় সবাতোকৈ ব্য়য়বহুল চহৰ হৈছে পেৰিচ আৰু ছিংগাপুৰ ৷ তদুপৰি তৃতীয় স্থানত আছে জুৰিখ আৰু চতুর্থ স্থানত আছে হংকং ৷ আগষ্ট মাহত এই সমীক্ষাৰ বাবে তথ্য সংগ্ৰহ কৰা হৈছিল৷ ইকন’মিষ্ট ইন্টেলিজেন্স ইউনিটৰ মুৰব্বী উপাসনা দত্তই প্ৰকাশ কৰা অনুসৰি ক’ভিড মহামাৰীয়ে সামগ্ৰীৰ যোগান ব্যৱস্থাটোত ব্যাঘাট জন্মাইছিল , যাৰ বাবে অভাব ঘটিবলৈ আৰম্ভ কৰে আৰু মুল্যবৃদ্ধি হয় ৷ বিশেষকৈ পেট্ৰ’লৰ মুল্য বৃদ্ধিৰ প্ৰভাব এইবাৰ পৰা বুলি তেওঁ প্ৰকাশ কৰিছে ৷