বির্তকিত তিনি কৃষি আইনৰ বিৰুদ্ধে এবছৰজোৰা আন্দোলনত সাত শতাধিক কৃষকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰি আহিছে কৃষক নেতা ৰাকেশ টিকেইটে ৷ ইয়াৰ বিপৰীতে এই প্ৰতিবাদী কার্যসূচীৰ সময়ত কোনো কৃষকৰ মৃত্যুৰ তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত ৷ আজি এই কথা সংসদৰ মজিয়াত প্ৰকাশ কৰিছে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ দিল্লী সীমান্তত কেইজন কৃষকৰ মৃত্যু হৈছে আাৰু চৰকাৰে সহায্য আগবঢ়াবলৈ কি চিন্তা কৰিছে বুলি সোধা এক প্ৰশ্নৰ লিখিত উত্তৰত টোমৰে কয় ‘ এই সন্দর্ভত কৃ্ষি মন্ত্ৰালয়ৰ ওচৰত কোনো তথ্য নাই, গতিকে কোনোধৰণৰ সাহায্য প্ৰদানৰ কথা নাহে ৷’ চৰকাৰৰ এই তথ্যৰ ওপৰত বিতর্ক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷ কিয়নো বিৰোধী আৰু কৃষক নেতাসকলে প্ৰকাশ কৰি আহিছে যে দীঘলীয়া আন্দোলনৰ সময়ত ৭০০ তকৈয়ো অধিক কৃষকৰ মৃত্যু ঘটিছে ৷ ইতিমধ্যে তিনিওখন কৃষি আইন বিতর্ক আনুষ্ঠিত নকৰাকৈয়ে সংসদৰ মজিয়াত বাতিল কৰাক লৈ বিৰোধীয়ে শাসনাধিষ্ঠিত বিজেপিক অক্ৰমনৰ লক্ষ্য কৰি লৈছে ৷