ইথানল মিশ্ৰণেৰে পেট্ৰ’লত যোৱা এবছৰত ভাৰতে ৰাহি কৰিবলৈ সক্ষম হৈছে ৯,৫৮০ কোটি টকা৷ ইথানল মিশ্ৰণ আঁচনিৰ অধীনত তৈল বিপণন প্ৰতিষ্ঠান সমূহে ভাৰতবৰ্ষত ১০% ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰী কৰি আহিছে ৷ ২০২০ বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ২০২১ বৰ্ষৰ ১৪ নৱেম্বৰলৈকে ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়াম প্ৰতিষ্ঠান দুটাই ৩,৬৭২ কোটি লিটাৰ ই ১০ ইন্ধন বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷উল্লেখযোগ্য যে এনেধৰণৰ ইন্ধনে হাইড্ৰ’কাৰ্বন আৰু কাৰ্বন মন’ক্সাইদড নিৰ্গমণ ২০% হ্ৰাস কৰে৷