দ্বাদশ শ্ৰেণীৰ সমাজশাস্ত্ৰ বিষয়ৰ পৰীক্ষাত ২০০২চনত গুজৰাটত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ পৰীক্ষাৰ্থী সকলক সোধা হ’ল এক বিশেষ প্ৰশ্ন যাৰ বাবে সমগ্ৰ অঞ্চলজুৰি ইতিমধ্যেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে ৷
চি বি এছ চি ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ প্ৰথম পৰ্য্যায়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বস্তুনিষ্ঠ প্ৰকাৰৰ প্ৰশ্নসমূহৰ ২৮ নম্বৰ প্ৰশ্নটো আছিল ,’২০০২ চনৰ গুজৰাটৰ মুছলিম বিৰোধী হিংসা নিম্নোক্ত কোন টো দলৰ দ্বাৰা সংঘটিত কৰা হৈছিল? লগতে প্ৰশ্নটোৰ উত্তৰ হিচাপে ছাত্ৰ ছাত্ৰীক -ক)কংগ্ৰেছ খ)বিজেপি গ) ডেম’ক্ৰেটিক আৰু ঘ)ৰিপাব্লিক চাৰিটা উত্তৰৰ যিকোনো এটা বাচনি কৰিবলৈ দিয়া হৈছিল ৷
উক্ত প্ৰশ্নক লৈ গুজৰাটত ইতিমধ্যেই বিবাদৰ সৃষ্টি হৈছে ৷ চি বি এছ চিয়ে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজি দ্বাদশ শ্ৰেণীৰ সমাজশাস্ত্ৰৰ প্ৰশ্নকাকতত ৰাজনৈতিক প্ৰশ্ন সোধাটো ভুল আৰু এই ভুল তেওঁলোকে অনুধাৱন কৰিছে ৷ এই ক্ষেত্ৰত প্ৰশ্নকাকত তৈয়াৰ কৰোঁতা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও চি বি এছ চিয়ে জানিবলৈ দিয়ে ৷ প্ৰশ্নকাকত তৈয়াৰ কৰাৰ ক্ষেত্ৰত এক নিৰ্দেশাৱলীৰ দ্বাৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে যে প্ৰশ্ন শিক্ষা বিষয়কহে হোৱা উচিত ৷ মানুহৰ সামাজিক বা ৰাজনৈতিক স্বাৰ্থক আঘাত কৰা কোনো প্ৰশ্নই ছাত্ৰ-ছাত্ৰীসকলক সোধা অনুচিত৷