১) ইংৰাজী ভাষাত নিগনি বুজোৱা শব্দটো হৈছে “MOUSE” । গ্ৰীক সকলে নিগনিক বুজাবলৈ সঠিক শব্দ বিচাৰি পোৱা নাছিল। নিগনিটো দেখািবলৈ হাতৰ পেশীৰ নিচিনা বাবে “MUSCLE” শব্দৰ পৰা
“MOUSE”শব্দটোৰ উদ্ভৱ হয়।
২) কথিত আছে যে সম্যাট আলেকজেণ্ডাৰে ভাৰত আক্ৰমণৰ পূৰ্বে কল নামৰ ফল এবিধ এই পৃথিৱীত যে আছে সেই কথা জনা নাছিল।
৩) প্ৰশান্ত মহাসাগৰৰ দক্ষিণ – পশ্চিমত অৱস্থিত মাৰিয়ানা ট্ৰেঞ্চ নামৰ ঠাই পৃথিৱীৰ ভিতৰতেই গভীৰ।এই অংশত মহাসাগৰৰ গভীৰতা ৩৫ ,৮০০ ফুট।
৪) ইলিচ মাছৰ প্ৰধান বসতিস্থান হৈছে সমুদ্ৰ , কিন্তু কণী পাৰিবৰ সময়ত মাছবোৰ নদীলৈ আহে।
৫) মুদ্ৰা বুজাবলৈ “ৰুপিয়া” শব্দটো ১৫৪০ চনত পোনতে শ্বেৰশ্বাহ চুৰীয়ে ব্যৱহাৰ কৰিছিল।