আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকাৰ বিৰুদ্ধে বুধবাৰে চার্জশ্বীট দাখিল কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত এই চার্জশ্বীট দাখিল কৰে। চার্জশ্বীটত ৰৌনক আলি হাজৰিকাৰ উপৰি তেওঁৰ পত্নী নুচৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলি নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে। চার্জশ্বীটত উল্লেখ কৰা অনুসৰি নিলম্বিত ডি আই জি জনৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ ২১০শতাংশ অধিক । আনহাতে ফৰিদ আলি নামৰ এজন ব্যক্তিৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন লেণদেন কৰিছিল ৰৌনক আলি হাজৰিকাৰ কন্যাৰ একউন্টত। উল্লেখযোগ্য যে সম্প্ৰতি কাৰাগাৰত থকা ৰৌনক আলি হাজৰিকাৰ বিৰুদ্ধে আছে কেইবাটাও গুৰুতৰ অভিযোগ । গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল ৰৌনক আলি হাজৰিকাই। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৰৌনক আলি হাজৰিকাৰ পত্নীক জেৰা কৰিছে। তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ কেইবা কোটি টকা বুলি প্ৰকাশ কৰিছে তদন্তকাৰীয়ে ।