আজি অসম দিৱস ৷ ১২২৮ খ্ৰীষ্টাব্দত আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ ইতিহাস ৰচনা কৰা অহোম স্বৰ্গদেউ চ্যুকাফাক শ্ৰদ্ধা জনাই আজি সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসম দিৱস ৷ তদুপলক্ষে আজি নতুন দিল্লীতো মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় ভাৱে উদযাপিত অসম দিৱস৷
নতুন দিল্লীত অসম দিৱস উদযাপনৰ এই শুভ মূহুৰ্তত দেশৰ আগশাৰীৰ উদ্যোগপতি তথা সমাজ সেৱক ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’ৰে সন্মানিত কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই ৷
১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা ৰতন টাটা বিশ্বৰ ভিতৰতে এগৰাকী আগশাৰীৰ উদ্যোগপতি, সমাজসেৱক আৰু ‘টাটা সন্ছ’ৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ ১৯৯০ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষৰ দায়িত্বত আছিল আৰু ২০১৬ ৰ অক্টোবৰ পৰা ফেব্ৰুৱাৰী ২০১৭ লৈ পুনৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে সকলো দায়িত্ব পালন কৰি গৈছিল ৷ বৰ্তমান সময়তো ইয়াৰ দাতব্য ন্যাসবোৰৰ মুৰব্বী হৈ আছে ৰতন টাটা।
ইতিমধ্যে তেওঁ ভাৰতৰ দুটা সৰ্বোচ্চ অসামৰিক বঁটা, পদ্ম বিভূষণ (২০০৮) আৰু পদ্মভূষণ (২০০০) লাভ কৰিবলৈকো সক্ষম হৈছে । সমগ্ৰ দেশৰ বাবেই গৌৰৱ সমাজসেৱক ,ঔদ্যোগপতি ৰতন টাটাৰ দীৰ্ঘায়ু কামনা কৰি যাচিলোঁ অযুত শুভকামনা৷