২০২১ বৰ্ষৰ ৪ডিচেম্বৰ তাৰিখে বিশ্বৰ কেইবাখনো দেশত দৃশ্যমান হ’ব বছৰৰ শেষৰটো সূৰ্য্য গ্ৰহণ৷ পোনপটীয়াকৈ এই বিৰল মহাকাশীয় পৰিঘটনাৰ সাক্ষী হ’ব এণ্টাৰ্কটিকা,দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ দৰে বিশ্বৰ কেইখনমান দেশ৷ ভাৰতত এই পৰিঘটনা দৃশ্যমান নহ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে৷
এই মহাকাশীয় ঘটনাটো এই বছৰৰ ১০ জুনত সংঘটিত পূৰ্বৰ এনুলাৰ সূৰ্য্যগ্ৰহণৰ তুলনাত হ’ব এক পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ ৷যেতিয়া চন্দ্ই, সূৰ্য আৰু পৃথিৱীৰ মাজেৰে অতিক্ৰম কৰে আৰু সূৰ্য্যক অৱৰোধ কৰে তেতিয়াই সূৰ্য্যগ্ৰহণ হয় । ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা ১০.৫৯ বজাত আৰম্ভ হ’বলগীয়া এই সূৰ্য্য গ্ৰহণ সম্পূৰ্ণকৈ দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷অৱশ্যে সৰ্বাধিক গ্ৰহণ দুপৰীয়া ১.০৩ বজাত হ’ব আৰু দুপৰীয়া ১.৩৩বজাত সম্পূৰ্ণ গ্ৰহণ সমাপ্ত হ’ব ৷ আনহাতে আবেলি ৩.০৭ বজাতহে আংশিক সূৰ্য্যগ্ৰহণ সমাপ্ত হ’ব। মুঠতে ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰৰ দিনা পুৱাৰ ১০.৫৯ বজাৰ পৰা আবেলি ৩.০৭ বজালৈকে সম্পূৰ্ণ ৪ ঘণ্টা ৮ মিনিটৰ বাবে বছৰৰ শেষৰটো মহাকাশীয় ঘটনাৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ববাসী৷