মধ্যপ্ৰদেশৰ অশোকনগৰত জন্মৰ মাত্ৰ চাৰিদিন হোৱা এটি নৱজাতক উদ্ধাৰ ৷ শিশুটিক নদীৰ কিনাৰত গাঁত খান্দি জীৱিত অৱস্থাত পুতি থৈ পলায়ন কৰিছিল হৃদয়হীন কোনো লোকে ৷ আশ্চৰ্য্যকৰ কথা যে পথাৰত কাম কৰি থকা গাৱঁৰ ৰাইজে ওচৰতে কেঁচুৱাৰ কান্দোনৰ শব্দ শুনি ঢপলিয়াই আহে আৰু মাটিত পুতি থোৱা অৱস্থাত নৱজাতকক দেখা পাই আৰু ততাতৈয়াকৈ উদ্ধাৰ কৰে৷
মাটিয়ে হেঁচা মাৰি ধৰি থকা শিশুটিক সাৱধানতাৰে উদ্ধাৰ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়া হয় আৰু মুংগাৱলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শিশুটিক ভৰ্তি কৰোৱা হয় ৷ ইয়াৰ পিছত চিকিৎসকে শিশুটি সম্পূৰ্ণ সুস্থ বুলি জনোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ এছ আই সতীশ গাৰ্গে জানিবলৈ দিয়া মতে ৩বা ৪ দিনীয়া এই নৱজাতকটিক হত্যা কৰিবলৈ বিচৰা অজ্ঞাত অপৰাধী কেইজনৰ বিৰুদ্ধে ৩১৭ ধাৰাৰ অধীনত ইতিমধ্যে এক অভিযোগ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷