বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েন্টৰ উপস্থিতি এইবাৰ ধৰা পৰিছে ভাৰততো ৷ কর্ণাটকৰ দুজন ৰোগীৰ শৰীৰত ধৰা পৰিছে অ’মিক্ৰন ভেৰিয়েন্ট ৷ এই নতুন আৰু মাৰাত্মক অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত হোৱা পুৰুষ ৰোগী দুজনৰ বয়স হৈছে ৬৬ আৰু ৪৬ বছৰ ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে প্ৰকাশ কৰিছে এই তথ্য ৷ অৱশ্যে তেওঁলোকৰ নাম আৰু পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ঘটা ভাৰত হৈছে ৩০ তম দেশ ৷
প্ৰাপ্ত তথ্য অনুসৰি অ’মিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত হোৱা ৬৬ বছৰীয়া এজন ব্যক্তি হৈছে বিদেশী ৷ কিছুদিন পূর্বে তেওঁ ভ্ৰমণ কৰিছিল দক্ষিণ আফ্ৰিকা ৷ আনজন আক্ৰান্ত ব্যক্তি বেংগালুৰুত স্বাস্থ্যকর্মী হিচাপে কর্মৰত ৷ দুয়োজন ব্যক্তিৰ সংস্পর্শলৈ অহা লোকসকলক চিনাক্ত কৰা হৈছে আৰু টেষ্ট কৰোৱা হৈছে ৷ দুয়োজন আক্ৰান্ত লোকৰ শৰীৰত মধ্যমীয়া লক্ষণে দেখা দিছে ৷ কোনোধৰনৰ গুৰুতৰ লক্ষণ এতিয়ালৈ দেখা দিয়া নাই বুলি প্ৰকাশ কৰিছে আগৰৱালে ৷
অৱশ্যে এইক্ষেত্ৰত আতংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰি আগৰৱালে ৰাইজক সজাগ আৰু সাৱধান হ’বলৈ আহ্বান জনাইছে ৷ তেওঁ সকলোকে ক’ভিড প্ৰট’কল মানি চলাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে ৷ অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ধৰাত পৰিলেও শীঘ্ৰে কোনোধৰণৰ কঠোৰ ব্যৱস্থা নলয় কেন্দ্ৰই ৷ কেন্দ্ৰীয় চৰকাৰৰ ক’ভিডৰ টাক্স ফর্চৰ মুৰব্বী ভি কে সিঙে এই কথা সদৰী কৰি কয় যে দেশৰ ক’ভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰাধীন