ক’ভিডৰ নতুন ভেৰিয়েনত অ’মিক্ৰনক লৈ সন্ত্ৰস্ত হৈ পৰিছে সমগ্ৰ বিশ্ব ৷ ইতিমধ্যে ভাৰততো এই ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াক প্ৰতিৰোধৰ বাবে বিদেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিয়ম বলবৎ কৰা হৈছে ৷ কিন্তু শেহতীয়াকৈ বেংগালুৰুৰ এজন চিকৎসক কোনো ভ্ৰমণ বৃত্তান্ত নথকা সত্বেও এই নতুন ভেৰিয়েন্টত সংক্ৰমিত হোৱাৰ পাছতে বিশেষজ্ঞসকলক অধিক চিন্তিত কৰি তুলিছে ৷ ইয়াৰ মাজতে চিএছআইআৰ-চিচিএমবিৰ মুৰব্বীয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যম নিউজ ১৮ত প্ৰকাশ কৰিছে যে এই নতুন ভেৰিয়েন্ট বিমানবন্দৰৰ পৰা অহা নাই ,বৰঞ্চ দেশতে আছে ৷ দেশৰ সকলো বৃহৎ চহৰতে এই নতুন ভেৰিয়েন্ট থকা বুলিও তেওঁ শংকা প্ৰকাশ কৰে ৷
চিচিএমবিৰ সঞ্চালক ডাঃ ৰাকেশ মিশ্ৰই কয় যে ইতিবাচক কথাতো এয়ে যে এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হোৱা লোকসকলৰ হয়তো গুৰুতৰ লক্ষণে দেখা দিয়া নাই ৷ যাৰ বাবে সামূহিক সংক্ৰমনৰ সম্ভাৱনা থকা সত্বেও এতিয়াও ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হোৱা নাই ৷