অসম-অৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ কাম অহা আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব ৷ শুকুৰবাৰে গুৱাহাটীত এই কথা সদৰী কৰিছে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে ৷ গুৱাহাটীত উত্তৰ পুর্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকৰ অন্তত তেওঁ এই কথা ঘোষণা কৰে ৷ তদুপৰি অৰুণাচল প্ৰদেশত হ’বলগীয়া আন এক বৃহৎ নদীবান্ধৰ কথাও কেন্দ্ৰীয় শক্তি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰাথমিকভাবে ৫০০ মেগাৱাট শক্তি উৎপাদন কৰা হ’ব বুলি প্ৰকাশ কৰি সিঙে কয় ‘প্ৰকল্পটোৰ মুঠ উৎপাদনৰ লক্ষ্য হৈছে ২০০০ মেগাৱাট ৷ অহা আগষ্টৰ পৰাই এই প্ৰকল্প উৎপাদনক্ষম হ”ব ৷’
উল্লেখযোগ্য যে এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ব্য়াপক প্ৰতিবাদৰ সৃষ্টি হৈছিল ৷ নামনিত পৰিব পৰা প্ৰভাৱ অধ্যয়ন নকৰাকৈয়ে নদীবান্ধটো নির্মানৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক আন্দোলন গঢ়ি উঠিছিল ৷ তদুপৰি ভূমিকম্প প্ৰৱণ অঞ্চল হোৱাৰ বাবে গেৰুকামুখত এই বৃহৎ নদীবান্ধ নির্মাণ কৰিলে অদুৰ ভবিষ্যতে যিকোনো বিপর্যয়ৰ আশংকা কৰা হৈছিল ৷ বহু বিশেষজ্ঞই ইয়াৰ বিৰোধিতা কৰিছিল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি বহু দল সংগঠনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ওলাই আহিছিল ৷ আনকি বর্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও গেৰুকামুখলৈ আহি ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু দল সংগঠনসমুহৰ এই প্ৰতিবাদ যে এতিয়া অথলে গ’ল, সেয়া কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ ঘোষণাই পুণৰবাৰ প্ৰতিপন্ন কৰিলে ৷