ক’ভিডক পৰাজিত কৰিবৰ বাবে সম্পূর্ণ ভেকচিন গ্ৰহণ কৰিবলৈ পৰামর্শ প্ৰদান কৰা হৈছে ৷ কিন্তু ক’ভিডৰ নতুন ঢৌ অহাৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে সম্পূর্ণ ভেকচিন লাভ কৰাসকলেও বুষ্টাৰ ড’জ লোৱাৰ প্ৰসংগ উত্থাপন হৈ আহিছে ৷ কিন্তু বিশেষজ্ঞই পৰামর্শ প্ৰদান কৰিলেহে দেশবাসীক প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ ৷ সংসদৰ মজিয়াত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৷ শুকুৰবাৰে সংসদৰ মজিয়াত এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি তেওঁ কয় যে বুষ্টাৰ ড’জ আৰু শিশুক ভেকচিন প্ৰদানৰ বিষয়টো ভেকচিন সন্দর্ভত গঠন কৰা দুখন বিশেষজ্ঞ কমিটীৰ পৰামর্শমতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ অ’মিক্ৰন ভেৰিয়েন্টত দুজনকৈ লোক আক্ৰান্ত হোৱাতো নিশ্চিত হোৱাৰ পাছতে তেওঁ সংসদত কয় যে এই সিদ্ধান্ত বিত্তীয় অথবা ৰাজনৈতিক হিচাপত গ্ৰহণ কৰা নহয় ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় –‘ বুষ্টাৰ ড’জ আৰু শিশুক কেতিয়া ভেকচিন দিয়া হ’ব সেই সন্দর্ভত সংসদে জানিব বিচাৰিছে ৷এই ক্ষেত্ৰত আমাৰ ওচৰত দুটা বিকল্প আছে ৷ এটা হ’ল ৰাজনৈতিক সিদ্ধান্ত আৰু আনটো হ’ল বিজ্ঞানসন্মত সিদ্ধান্ত ৷দেশৰ জনসাধাৰণক বিনামূলীয়া খাদ্য যোগানৰ বাবে চৰকাৰে ২.৫ লাখ কোটি টকা ব্যয় কৰিছে ৷ কৃষকসকলক ১.৫ লাখ কোটি ৰাজসাহায্য প্ৰদান কৰা হৈছে ৷ বুষ্টাৰ ড’জক লৈ উত্থাপিত প্ৰশ্ন কোনো অর্থনৈতিক সিদ্ধান্ত নহয় ৷ এয়া ৰাজনৈতিক প্ৰশ্নও নহয়৷ ‘