আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত কঠোৰ নীতি নির্দেশনা জাৰি কৰিলেও ভাৰতত দ্ৰতগতিত বৃদ্ধি পাইছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ৷ বিশ্ব স্বাস্থ্য় সংস্থাই শংকাজনক ভেৰিয়েন্ট হিচাপে স্বীকৃতি দিয়া অ’মিক্ৰনত আক্ৰান্ত লোক প্ৰতিদিনে চিনাক্ত হৈছে ৷ দেশত অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ১৭ জন ৰোগী একেদিনাই চিনাক্ত হৈছে ৷ ৫ ডিচেম্বৰৰ দিনাই ১৭ জন লোকৰ শৰীৰত ‘চিনাক্ত কৰা হৈছে অ’মিক্ৰন ভেৰিয়েন্টৰ সংক্ৰমন ৷ এতিয়ালৈকে চিনাক্ত হোৱা লোকসকলৰ ভিতৰত প্ৰথম দুজন ৰোগী কর্ণাটকত চিনাক্ত হৈছিল ৷ ২ ডিচেম্বৰত চিনাক্ত হৈছিল এই ৰোগী দুজন ৷
কর্ণাটকৰ উপৰি মহাৰাষ্ট্ৰ, ৰাজস্থান, আৰু দিল্লীত চিনাক্ত হৈছে অ’মিক্ৰনৰ সংক্ৰমন ৷ মহাৰাষ্ট্ৰত ৭ জন, ৰাজস্থানত ৯জন আৰু দিল্লীত ১ জন লোকৰ শৰীৰত চিনাক্ত হৈছে অ’মিক্ৰনৰ সংক্ৰমন ৷আক্ৰান্তসকলৰ ভিতৰত অধিকাংশই দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰা ব্যক্তি ৷ আনসকল এই লোকসকলৰ সংস্পর্শলৈ আহি এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হৈছে ৷