আমাৰ কেতিয়াবা মাত ভাঙি যায়। কথা অস্পষ্ট হয় , ডিঙি চেৰচেৰাই আৰু বিষায়। টোপনি ক্ষতি কৰিলে , জোৰকৈ চিঞৰিলে , দীঘলীয়া ভাষন দিলে বা বেছিকৈ টেঙা-কেঁহা বস্তু খালে সাধাৰণতে মাত ভাঙে। বিভিন্ন ৰোগৰ কাৰণেও মাত ভাঙিব পাৰে।আমি ঘৰতে বহি বন দৰবৰ দ্বাৰা মাত ভঙা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ –
১) বগৰী গছৰ পাত ,সৈন্ধৱ লোণ মিহলি কৰি ঘিউত ভাজি খালে সকলো প্ৰকাৰৰ মাত ভঙা ৰোগ ভাল হয়।
২) কেঁচা হালধিৰ ৰস চেনিৰ সৈতে খাব লাগে।
৩) মৰাণ আদাৰ ৰসত মৌজোল মিহলি কৰি খালে উপকাৰ পোৱা যায়।
৪) ব্ৰাহ্মী শাকৰ ৰস মৌৰ লগত দিনে ২ বাৰকৈ ১৫/২০ দিন একেৰাহে খাব লাগে।
৫) ভোমোৰাৰ চূৰ্ণ গৰুৰ ঘিউত ভাজি খাব লাগে।
৬) ৫০ গ্ৰাম হালধিৰ গুড়া , চেনিৰ লগত মিশ্ৰণ কৰি পানী মিহলাই দিনত দুই বাৰ খাব লাগে ।
৭) নীলকণ্ঠৰ শিপাৰ ৰস খালে মাত ভঙা ভাল হয়।
৮) ষষ্ঠি মধুৰ শিপা চোবাই খাব লাগে।