আৰক্ষীৰ কঠোৰ অভিযানৰ পাছতো বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি ড্ৰাগছ মাফিয়াই নিত্য নতুন কৌশলৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আহিছে ৷ অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়েও ৰাখিছে চোকা নজৰ ৷ দেওবাৰে মহানগৰ আৰক্ষী্য়ে লাভ কৰিছে বৃহৎ সফলতা ৷ গুৱাহাটীৰ গড়চুকত দেওবাৰে বিয়লি মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে১৬ কোটি টকাৰ হেৰ’ইন ৷ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমানৰ হেৰ’ইন ৷
প্ৰাপ্ত তথ্য অনুসৰি ডব্লিউ বি ৬৫ চি ২১৫০ নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে ২.৪৫ কিল’গ্ৰাম হেৰ’ইন ৷ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ পম খেদি হেৰ’ইন কঢ়িয়াই অনা ট্ৰাকখন জব্দ কৰে ৷ এই ঘটনাত জড়িত থকা দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ডালিম শ্বেখ আৰু দিলোৱাৰ ৷ মণিপুৰৰ দিশৰ পৰা অহা ট্ৰাকখনেৰে এই বৃহৎ পৰিমানৰ ড্ৰাগছ উত্তৰ ভাৰতলৈ নিয়াৰ পৰিকল্পনা কৰিছিল মাফিয়া চক্ৰটোৱে ৷