ইংৰাজী নতুন বৰ্ষৰ আৰম্ভনিতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক ডাঙৰ উপহাৰ দিব পাৰে চৰকাৰে ৷২০২১চনত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী সকলৰ কিছু ভাত্তাত অনুমোদন জনাইছে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷সেয়েহে চলিত বৰ্ষতো কেইবাবাৰো ভাল খবৰ লাভ কৰিছে কৰ্মচাৰী সকলে৷ ডিএ বৃদ্ধি,দীপাৱলীৰ বোনাছ আদিকে ধৰি ২০২১ বৰ্ষত বিভিন্ন ক্ষেত্ৰত বেতন বৃদ্ধি পাইছে কেন্দ্ৰীয় কৰ্মচাৰীৰ ৷১৮ মাহৰ বকেয়া ডিএ নাপালেও কিছু মাহৰ বকেয়া লাভ কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী সকলে ৷আনহাতে আন এক ভাত্তাৰ চৰ্চাও হৈ আছে আৰু ইয়াৰ সুবিধা কৰ্মচাৰী সকলে লাভ কৰিব পাৰে ২০২২ চনৰ প্ৰথম মাহ অৰ্থাৎ জানুৱাৰী মাহৰ পৰা৷
কেন্দ্ৰীয় কৰ্মচাৰী সকলে হাউছ ৰেণ্ট এলাউঞ্চ লাভ কৰাৰো প্ৰবল সম্ভাৱনা আছে ৷ এই প্ৰস্তাৱ অনুমোদনৰ বাবে ইতিমধ্যেই ৰে’লৱে ব’ৰ্ডৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে ৷এই অনুমোদন পোৱাৰ পিছতে কৰ্মচাৰীসকল লাভান্বিত হ’ব ৷ এইচ আৰ এ পোৱাৰ পিছত বেতন বহুখিনি বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ৷ইণ্ডিয়ান ৰে’লৱে টেকনিকেল ছুপাৰভাইজাৰ এছ’চিয়েচন আৰু নেশ্যনেল ফেডাৰেশ্যন অৱ ৰে’লৱেমেনৰ ফালৰ পৰা চৰকাৰলৈ এইচ আৰ এ বৃদ্ধিৰ দাবী জনাইছে সেয়া ২০২১ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী কৰা হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷