ভাৰত আৰু ৰুছৰ পুৰণি বন্ধুত্ব সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে আজি দুপৰীয়া দুই বজাৰ পিছত ভাৰতত উপস্থিত হ’ব ৰুছৰ ৰা্ষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ ভাৰতবৰ্ষ আৰু ৰুছৰ এই বন্ধুত্বপূৰ্ণ বৈঠকে ভাৰতবৰ্ষৰ উপৰিও চীন আৰু পাকিস্তানকে আদি কৰি চুবুৰীয়া দেশ সমূহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাব ৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে দুপৰীয়া ভাৰতত উপস্থিত হোৱাৰ পিছত প্ৰায় ৬-৭ ঘণ্টালৈ ৰাষ্ট্ৰপতি গৰাকী ভাৰতৰ মাটিত থাকিব আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দীৰ্ঘ সময় জুৰি দুইখন দেশৰ মাজত আলাপ আলোচনা চলিব আৰু সন্ধিয়া ৫.৩০বজাত দিল্লীৰ হায়দৰাবাদ হাউছত দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰুছ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ২০২১ বৰ্ষৰ ভাৰত-ৰুছ বাৰ্ষিক শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিব৷ পুটিনৰ এই ভাৰত যাত্ৰাৰ মূলতে কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ লক্ষ্য আগত ৰখা হৈছে৷ সেইকেইটা হ’ল –
- ভাৰত বৰ্ষত ৭.৫ লাখ এ কে-২০৩ এছ’ল্ট ৰাইফল্ছ উৎপাদন
- সময়মতে এছ-৪০০ মিছাইল ছিষ্টেমৰ যোগান
- ১২খন নতুন চুখই -২০ৰ যোগান
- নৌসেনাৰ বাবে এম আই জি-২৯ বিমান
- ভাৰত আৰু চীনৰ সম্পৰ্ক
- আফগানিস্তান
- সন্ত্ৰাসবাদ
সুৰক্ষাজনিত কাৰণত পুটিনৰ উপস্থিতি সম্পৰ্কত সঠিক সময়ৰ কথা জনোৱা হোৱা নাই যদিও আনুমানিক ভাৱে ৰুছ ৰাষ্ট্ৰপতি গৰাকী দুপৰীয়া দুই বজাত ভাৰতত উপস্থিত হ’ব আৰু আৰু নিশা ৯.৩০বজাত নিজ দেশলৈ উভতি যাব ৷