গুৱাহাটীৰ হাটীগাঁও লখিমী নগৰ চিন্ময় পথৰ ৰং মিস্ত্ৰি মিলন ছেত্ৰী মৃত্যুৰ ৰহস্য ফাদিল।তদন্তকাৰীৰ দিছপুৰ আৰক্ষীয়ে ছেত্ৰীৰ মৃত্যুৰ হত্যাকাণ্ড নহয় বুলি চুড়ান্ত কৰিছে ।দিছপুৰ থানা ডিচিপি শুভ্ৰজ্যোতি বৰাই সংবাদমাধ্যমক অৱগত কৰা অনুসৰি অত্যাধিক মদ্যপানে মিস্ত্ৰী মিলনৰ মৃত্যু কাৰণ।মৰণোত্তৰ পৰীক্ষা চূড়ান্ত প্ৰতিবেদনত স্পষ্ট হৈছে এই কথা।তেওঁ কয় যে মিলন ছেত্ৰীক কোনেও হত্যা কৰা নাছিল তেওঁ অত্যাধিক মদ্যপান কৰাৰ ফলত হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল।
উল্লেখ্য যে বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ পাছতেই পৰিয়ালক সোধ -পোছ কৰাৰ অন্তত তেওঁ নিজেই বাহিৰৰ পৰা দুৱাৰ তলা মাৰি থয়। আৰু বহুত পইচা দিব থকা বাবেই পূৰ্বেও বাহিৰৰ পৰা দুৱাৰ মাৰি থৈ পিছফালৰ দুৱাৰেৰে ঘৰৰ ভিতৰত সোমায় থাকে।পৰিয়ালৰ ব্যক্তিৰ এই কথা স্বীকাৰৰ পিছত দিছপুৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ দিনা দুৱাৰত লগাই থোৱা ভঙা তলাৰ চাবি পাছদিনা ঘৰৰ ভিতৰৰ চাবি থোৱা ঠাইত আৰক্ষীয়ে লাভ কৰা বুলি আৰক্ষী বিষয়া গৰাকীয়ে কয় ।
ইয়াৰ উপৰিও ছেত্ৰীৰ শৰীৰত আঘাটৰ চিন নাছিল।পৰিয়ালৰ সৈতে সংঘাত হয় যদিও তেওঁক হত্যা কৰা নাই লগতে তেওঁ কয়।
মৃতদেহ উদ্ধাৰ পাছত ফৰেনছিকত কোঠালিৰ ভিতৰত পোৱা ফিংগাৰ প্ৰিণ্ট মিলন ছেত্ৰীৰে বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে , ২২নৱেম্বৰত হাতীগাও লখিমী নগৰ চিন্ময় পথৰ গৃহ নং ২৪ তলাবন্ধ অৱস্থাত নিশা উদ্ধাৰ হৈছিল ছেত্ৰী মৃতদেহ।অঞ্চলটোৰ লোকে দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিছিলে অৰু তলা বন্ধ অৱস্থাত ঘৰৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো।