অসম চৰকাৰে ২০২১ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ২৩ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম ইতিমধ্যে ঘোষণা কৰিছে ৷ অসমৰ সাহিত্য জগতলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা অসমৰ আগশাৰীৰ কেইগৰাকীমান সাহিত্যিকক অহা ৭ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ সাহিত্য অকাডেমী প্ৰাপক হোমেন বৰগোহাঞিৰ জন্ম জয়ন্তীত এই সন্মান প্ৰদান কৰা হ’ব ৷ সাহিত্যিক পেঞ্চন লাভ কৰা অসমৰ বিশিষ্ট সাহিত্যিক কেইগৰাকী হ’ল –
- জ্যোতিলাল চৌধুৰী
- ডক্তৰ অনিল শইকীয়া
- কালিনাথ পাংগিং
- দিলীপ কুমাৰ শৰ্মা
- মাখনলাল বাঢ়ৈ
- তপন দাস
- মাণিকলাল মাহাতো
- নীলমোহন ৰয়
- বিনোদ ভাগৱতী
- ডক্তৰ লক্ষহীৰা দাস
- উৎপল দত্ত
- বিশ্বেশ্বৰ বসুমতাৰী
- নবীন কুমাৰ বৰুৱা
- অৰবিন্দ উজীৰ
- ৰাজেন্দ্ৰ নাথ শৰ্মা
- মণ্ডল সিং বে’
- দীপাংকৰ ৰঞ্জন কৰ
- বাণেশ্বৰ বসুমতাৰী
- তুষাৰকান্তি চাহা
- ডক্তৰ মংগল সিং হাজোৱাৰী
- ৰঞ্জু হাজৰিকা
- নবীন মল্ল বড়ো আৰু
- লক্ষীকান্ত দাস