কৰ’না মহামাৰীৰ ফলত অন্ধকাৰৰ দিশে গতি কৰিছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ । গভীৰ সংকটত পৰিছে ৰাজ্যৰ এই বৃহৎ উদ্যোগটো । নাট্য গোষ্ঠীসমূহে নাট পৰিবেশন কৰাক লৈ বৰ্তমান অনিশ্চয়তাত ভূগিছে । কাৰণ কৰ‘নাৰ বাবে থিয়েটাৰ গোষ্ঠীসমূহে সকলো কাম কাজ বন্ধ ৰাখিব লগীয়া হৈছে । দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই কথা ।
উল্লেখযোগ্য যে কৰ’না মহামাৰীৰ বাবেই বিগত বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰ সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল । যাৰ ফলত লোকচান হৈছিল প্ৰায় এশ কোটি টকা । আনহাতে চলিত বৰ্ষতো নাট্যগোষ্ঠীসমূহ বন্ধ হৈ আছে । ব্যৱসায় বন্ধ হৈ থকাৰ ফলত এতিয়া এই থিয়েটাৰ উদ্যোগটোৱে ব্যাপক অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ।
কাকতখনত উল্লেখ কৰা মতে এই নাট্যগোষ্ঠী সমূহে নতুনকৈ আকৌ থিয়েটাৰ আৰম্ভ কৰিব বিচাৰিলে তাৰ বাবে অতিকমেও ৪০-৫০ লাখ টকাৰ প্ৰয়োজন হ’ব । উল্লেখ্য যে ৰাজ্যত সৰু-বৰ সকলো মিলি প্ৰায় ৫০ টা নাট্যদল আছে । প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে নাট্যগোষ্ঠী সমূহৰ সৈতে প্ৰায় পাঁচ হাজাৰ লোহ জড়িত হৈ আছে । কৰ’না মহামাৰীৰ বাবে এতিয়া এই লোকসকলৰ লগতে সমগ্ৰ থিয়েটাৰ উদ্যোগটোলৈ নামি আহিছে ঘোৰ অমানিশা ।
থিয়েটাৰ বন্ধ হৈ পৰাৰ ফলত বহুতো কলা –কুশলীয়ে জীৱিকাৰ বাবে অন্য পথ বাছি ল’বলৈ বাধ্য হৈ পৰিছে । বহুতো কলা-কুশলীক দোকান , কৃষিকৰ্ম , ৰেস্তোঁৰা আৰু অন্য বিভিন্ন ধৰণৰ কামত নিয়োজিত হোৱা দেখা পোৱা গৈছে ।
উল্লেখ্য যে কৰ’না মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা থিয়েটাৰ সমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল । এটা বছৰ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ পাচত সকলোৱে ভাবিছিল যে ২০২১-২০২২ বৰ্ষত নাট পৰিবেশনৰ বাবে এক সুস্থ পৰিবেশ ঘূৰি আহিব । কিন্তু শেহতীয়াকৈ কৰ’নাই ৰাজ্যখনত পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত পৰিস্থিতি আৰু বেয়াৰ ফালেহে ঢাল খালে
নাট্যগোষ্ঠী সমূহৰ মতে বৰ্তমান সকলো কথা পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ কৰিব । পৰিস্থিতি সুস্থ হৈ আকৌ আগৰ অৱস্থা ঘূৰি আহিব এই কথাত সকলো লোক এতিয়াও আশাবাদী । কিন্তু পৰিস্থিতি সুস্থিৰ হোৱাৰ পাচতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্লাৱ, বেচৰকাৰী সন্থা বোৰে নাট্যগোষ্ঠী সমূহক নাট পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ কৰিব নে নাই সেয়াও হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন ।