নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছে ১৩গৰাকী নিৰীহক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ গৰিহণা অসম জাতীয় পৰিষদৰ।উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইন প্ৰত্যাহাৰৰ দাবী আঞ্চলিক দলটোৰ।সোমবাৰে এক বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই নাগালেণ্ড ঘটনাক গৰিহণা জনাই কয়- ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰো স্বতন্ত্ৰভাৱে আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷কিন্তু আস্ফাৰ ধাৰাবাহিকভাৱে প্ৰযোজ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ জনসাধাৰণৰ সংবিধান-প্ৰদত্ত অধিকাৰসমূহ কাঢ়ি নিছে৷
কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা সংস্থা সমূহে উত্তৰ-পূৰ্বৰ জনতাৰ জীৱন মূল্যবান বুলি নাভাৱে, নাগালেণ্ডৰ ঘটনাৰ তাৰে এক উদাহৰণ বুলিও নেতৃত্বদ্বয় কয়।নিৰাপত্তা বাহিনীৰ অসংবেদনশীল তথা দায়বদ্ধতাহী আচৰণে সাধাৰণ নিৰীহৰ মানুহৰ জীৱন নষ্ট কৰা এইয়া প্ৰথম ঘটনা নহয়৷১৯৯৪চনত তিনিচুকীয়া জিলা ডাঙৰিত সংঘটিত অনুৰূপ ঘটনাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ বৰ্তমানৰ নেতা সাধাৰণ সম্পাদক তথা তেতিয়াৰ ছাত্ৰ নেতা জগদীশ ভূঞাই সুদীৰ্ঘ ২৪ বছৰ আইনী যুঁজ চলোৱাৰ অন্তত ২০১৮চনত ৮গৰাকী সেনাবিষয়াক ন্যায়ালয়ে দোষী সাব্যস্ত কৰি কোৰ্ট মাৰ্শ্বেলৰ হুকুম দিব লগা ঘটনাটো সেনা তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ একাংশ লোকে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনক তুচ্ছ জ্ঞান কৰাৰ এটা উদাহৰণ বুলিও লগতে কয়।
‘ক’লা আইনখন উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য থকাটো বৃটিছে ভাৰতত চলোৱাৰ দৰে কেন্দ্ৰই উত্তৰ-পূৰ্বত উপনিৱেশিক শাসন চলাই থকাৰ প্ৰমাণ দিয়ে”- আঞ্চলিক দলটোৱে লগতে কয়।
ইফালে, নাগালেণ্ডত সংঘটিত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি এজেপি নেতাদ্বয়ে কয়- উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ভৱিষ্যতলৈয়ো অনুৰূপ ঘটনা যে পুনৰাবৃত্তি নহ’ব তাৰ একো নিশ্চয়তা নাই৷লগতেই নিহত প্রতিজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনায়।
আনহাতে, অসমৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইন প্ৰত্যাহাৰ দাবীত অসম জাতীয় পৰিষদে সমগ্ৰ জিলাৰ কমিটি সমূহে উপায়ুক্ত জৰিয়তে দেশৰ ৰাষ্ট্ৰপ্ৰতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।