শিশুৰ দেহত মেদ বৃদ্ধি হ’লে দেখিবলৈ আপচু হোৱাৰ লগতে বহুমূত্ৰ , হৃদৰোগ , উচ্চ ৰক্তচাপ , আয়ুস হ্ৰাস , শৰীৰ দুৰ্বল আদি হব পাৰে।শিশুৰ পক্ষাঘাত হ’ব পাৰে।তদুপৰি , শ্বাস-প্ৰশ্বাস কষ্ট , মানসিক সমস্যা , নিদ্ৰাজনিত ৰোগ , খাদ্য জনিত বিসংগতি , পাকস্থলীৰ হাৰ্নিয়া আদি হ’ব পাৰে।
শিশুক মেদ বহুলতাৰ পৰা ৰক্ষা কৰিবৰ বাবে লব লগা সাবধনতা সমূহ হল
১) ভোক লাগিলেহে খাদ্য খাবলৈ দিয়া উচিত।
২) চৰ্বিযুক্ত খাদ্য অধিক খাবলৈ দিব নালাগে।
৩) ফাষ্টফুড খোৱাৰ পৰা বিৰত ৰাখিব লাগে।
৪) টেঙা জাতীয় ফল-মূল যেনে—-আমলখি , শিলিখা , অমৰা , বৰথেকেৰা , কুঁজিথেকেৰা , নেমু , বকফুল, তিতাকেৰেলা, কমলা ,ৰবাবটেঙা ,জলফাই ,নৰসিংহৰ পাত আদি খুওৱাৰ অভ্যাস সৰুৰ পৰাই কৰিব লাগে।
৫) শাৰীৰিক পৰিশ্ৰম , ব্যায়াম , খেলা-ধূলা আদি কৰাৰ সুবিধা দিব লাগে।
৬) ক’ল্ড ড্ৰিংকচ , আইচক্ৰীম , চকলেট , মিঠাবস্তু , মাখন ,ঘিউ , খাহীৰ মাংস , অধিক তেল যুক্ত মাছ আদি খোৱাৰ পৰা বিৰত থাকিব লাগে।
৭) ধূমপান , মাদকদ্ৰব্য নিষিদ্ধ।
৮) ৰেডিঅ’ , টিভি , কম্পিউটাৰত অধিক সময় লাগি থাকিব নালাগে।
৯) এগিলাচ নেমুৰ ৰসত সমান পৰিমাণৰ পানী মিহলাই ১০ চামুচ মৌ মিহলি কৰি তাক দুই ভাগ কৰি দিনটোত দুইবাৰ খুৱাব লাগে।
১০) পানীত তিয়াই থোৱা থেকেৰা আহাৰ খোৱাৰ পাছত সপ্তাহত দুদিন খালে মেদ কমি যায়।