নাগালেণ্ডৰ মন জিলাত সুৰক্ষা বাহিনীৰ গুলীত ১৩ জনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে ৷ নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ পূর্বাঞ্চলতে সুৰক্ষা বাহিনীৰ এই অপকর্মৰ বিপক্ষে প্ৰবল জনমতৰ সৃষ্টি হৈছে ৷ এই ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি প্ৰদান কৰিবলৈ সর্বত্ৰে দাবী উত্থাপিত হৈছে ৷ লগে লগে উত্তৰ পূর্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা বাতিল কৰিবলৈ পুনৰ এবাৰ সজোৰে দাবী উত্থাপন হৈছে ৷ কালি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক টুইটৰ জৰিয়তে আফস্পা বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ সমান্তৰালভাবে নাগালেণ্ড কেবিনেটেও আফস্পা বাতিল কৰিবলৈ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহন কৰিছে ৷ একেদৰে নাগালেণ্ড চৰকাৰে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ আফ্স্পা বাতিলৰ দাবীৰে আনুষ্ঠানিক পত্ৰ প্ৰৰণ কৰিব বুলিও সদৰী কৰিছে ৷ এই সন্দর্ভত মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই কয় ‘আফ্স্পাই সেনাবাহিনীক সাধাৰণ নাগৰিকক গ্ৰেপ্তাৰী পৰোৱানা অবিহনে গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি দিয়ে ৷ তদুপৰি সেনাক যিকোনো লোকৰ ঘৰত তালাচী চলোৱাৰ লগতে মানুহ মাৰিবলৈয়ো অনুমতি প্ৰদান কৰিছে ৷ কিন্তু সুৰক্ষা বাহিনীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰে ৷ তেওঁলোকে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷’
মন জিলাৰ তিৰুত সংঘটিত এই শোকাবহ ঘটনাৰ পাছতে বাতিল কৰা হৈছে হর্ণবিল ফেষ্টিভেল ৷ প্ৰতিবছৰে ১ ডিচেম্বৰৰ পৰা এই মহোৎসৱ অনুষ্ঠিত হয় ৷ য’ত দেশী বিদেশী পর্যটকে অংশগ্ৰহণ কৰে ৷ মন জিলাত সংঘটিত ঘটনাৰ পাছতে ইয়াক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জৰুৰীভৱে তলব কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক ৷ আজি সন্ধিয়া দিল্লীত শ্বাহ আৰু শর্মাৰ বৈঠক অনুষ্ঠিত হ’ব ৷