যোৰহাট চহৰৰ মাজ-মজিয়াত সংঘটিত গণ প্ৰহাৰৰ ঘটনাত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গুৱাহাটীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুশান্ত শর্মা নামৰ অভিযুক্ত জনক ৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে অভিযুক্তজনক যোৰহাট আৰক্ষীক গটাই দিছে ৷ উল্লেখযোগ্য যে কিছুদিন পূর্বে যোৰহাটৰ মাজমজিয়াত সংঘটিত গণ প্ৰহাৰৰ ঘটনাত অনিমেষ ভূঞা নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছিল ৷ দোষীক শাস্তি প্ৰদানৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যোৰহাত আৰক্ষীয়ে ঘটনা সন্দর্ভত ১৪ জন অভিযুক্তক ইতিপূর্বে গ্ৰেপ্তাৰ কৰিছিল ৷ আজি সুশান্ত শর্মাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ধৃত অভিযুক্তৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে ৷ আনহাতে, এই ঘটনাৰ মুল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ এক দূর্ঘটনাত মৃত্যু ঘটিছে ৷