১) ভাৰতত উৎপন্ন হোৱা মুঠ তলা-চাবিৰ ৯০ শতাংশই আলীগড়ে (উত্তৰ প্ৰদেশ) যোগান ধৰে।
২) মেৰু প্ৰদেশত পোৱা মেৰু ভালুক বা প’লাৰ বিয়েৰবোৰ প্ৰাকৃতিক ভাবেই বাঁওহতীয়া।
৩) কোনো প্ৰজাতিৰ শগুণে ৩৬,৯০০ ফুট উচ্চতা পৰ্যন্ত উৰিব পাৰে।
৪) হাতীয়ে জঁপিয়াব নোৱাৰে।
৫) ভাৰতৰ আটাইতকৈ বয়সস্থ প্ৰধানমন্ত্ৰী জন হ’ল মোৰাৰজী দেশাই । তেওঁ ৮১ বছৰ বয়সত দেশৰ প্ৰধানমন্ত্ৰী হয়।
৬) হিন্দুস্তান মটৰছে ১৯৪৪ চনত নিৰ্মাণ কৰি উলিওৱা “হিন্দুস্তান—১০” নামৰ গাড়ীখনেই ভাৰতৰ প্ৰথম গাড়ী।
৭) পৃথিৱীৰ ভিতৰতেই শীতলতম ঠাই খন হৈছে ছাইবেৰিয়াৰ ভাৰ্খুনায়স্ক। আনহাতে , দ্বিতীয় শীতলতম ঠাইখন হৈছে লাডাখ।