ইতিমধ্যে জনপ্ৰিয় বলিউড তাৰকা কেট্ৰিনা আৰু বিকিৰ ৰাজকীয় বিবাহ উৎসৱ আজিৰ পৰাই আৰম্ভ হোৱাৰ কথা আছিল, বলিউডৰ অন্যান্য তাৰকা সকলো ইতিমধ্যে এই আনন্দোৎসৱৰ অংশীদাৰ হʼবলৈ ৰাজস্থানলৈ যাবলৈ আৰম্ভ কৰিছিল কিন্তু তেনেতে আহিল এক বেয়া খবৰ ।
জানিবলৈ পোৱা মতে দুই তাৰকা যুটিৰ বিৰুদ্ধে ৰাজস্থানত এক অভিযোগ দাখিল কৰা হৈছে । জয়পুৰৰ মধুপুৰ জিলাৰ ‘চিক্স চেন্চেচ ফ’ৰ্ট বাৰৱাৰা’ত তেওঁলোকৰ বিবাহ উদযাপনৰ সকলো ব্যৱস্থা ইতিমধ্যে কৰা হৈছিল কিন্তু একেটা অঞ্চলতে থকা ‘চ’ত মাতা মন্দিৰ’লৈ যোৱা পথ ৬ৰ পৰা ১২ ডিচেম্বৰলৈকে তেওঁ লোকৰ বিবাহ উৎসৱ উদযাপন উপলক্ষে ভক্ত গণৰ বাবে বন্ধ কৰাকলৈ ভক্ত সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেয়েহে এই বিষয়টোক লৈ কেট-বিকিৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে স্থানীয় ৰাইজে ।