‘পুতলা নাচ’ আৰু ‘ ঢুলিয়াৰ ভাও ‘ দুটা অতি প্ৰাচীন অসমীয়া সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠান দুটি সৌন্দৰ্যপিপাসু মানৱ মনৰেই সঙ্গীতময় পৰিস্ফুৰণ।
পুতলা আন্তৰ্জাতিক সাংস্কৃতিক সম্পদ।ভাৰত বৰ্ষত পুতলা-নৃত্যৰ প্ৰচলন অতি প্ৰাচীন। অসমতো অতি প্ৰাচীন কালৰে পৰা পুতলা নাচৰ প্ৰচলন আছিল। শঙ্কৰদেৱে দশমৰ ৰাসলীলা প্ৰসঙ্গত উল্লেখ কৰিছে–
” ভকতৰ পদে দেখাই মনুষ্য চেষ্টাক ।
গোপীক নচান্ত যেন ছায়া পুতলাক “।।(আদি দশম)
১৫ শ শতিকাৰ শেষ ভাগত শংকৰদেৱৰ হাতত অসমীয়া অঙ্কীয়া নাটকে জন্মলাভ কৰে। অঙ্কীয়া নাটকৰ মূল ভেঁটি পুতলা-নাচ। পুতলা চাৰি প্ৰকাৰৰ—কাঠ পুতলা , হাত-পুতলা , মাৰি পুতলা আৰু ছাঁ- পুতলা। প্ৰাচীন কালত সকলো বিলাক পুতলা কাঠ , বাহ , কপাহ , কাপোৰ আদিৰ সংযোগত তৈয়াৰ কৰা হৈছিল।বৰ্তমান প্লাষ্টিক , চেলুলইড আৰু টিন , লো আদিৰ সংযোগত পুতলা তৈয়াৰ কৰা হয়। পুতলা নাচ এক প্ৰকাৰ নাট্যানুষ্ঠানহে। অসমত প্ৰচলিত পুতলাৰ দল বিলাকে সাধাৰণতে ৰামায়নৰ আখ্যান সমূহ হে ৰূপায়িত কৰে। পুতলা নাচত গায়ন -বায়নৰ দল আছে। এওঁলোকৰ ভিতৰত মুখিয়াল জনক ‘বায়ন’ বোলা হয়। বায়ন জনে পুতলা-অভিনয়ৰ আখ্যান ভাগৰ আঁত ধৰে। এওঁ মঞ্চ পৰিচালক , দৰ্শক আৰু অভিনয়ৰ মাজত সম্পৰ্কৰক্ষী আৰু নৃত্য-গীত বিশাৰদ ব্যক্তি। পুতলা নাচত মনোমুগ্ধ কৰা স্বাভাৱিক পৰিবেশ সৃষ্টি কৰা হয়। পুতলা অভিনয়ৰ গীতৰ মূৰ্ছনা , নৃত্যৰ লীলায়িত গতি , চৰিত্ৰ বিলাকৰ বিভিন্ন ভাবযুক্ত বচন , কাৰ্যাৱলী আৰু হাঁহিৰ থুনপাকে যথাৰ্থতে সৰল সহজ দৰ্শক আৰু শ্ৰোতামণ্ডলীক মন্ত্ৰমুগ্ধ কৰি ৰাখে।
ভৰত ঋষিৰ নাট্যশাস্ত্ৰ খৃঃ পূঃ ৩য় শতি কাৰ আগতে ৰচিত বুলি মানি লোৱা হয়। সেই সময়ত যে ‘ঢোল’ এবিধ অতি সুন্দৰ বাদ্যযন্ত্ৰ হিচাপে পৰিগণিত হৈছিল আৰু ঢোলৰ ব্যাপক প্ৰচলন আছিল তাৰ প্ৰমান নাট্যশাস্ত্ৰই দিয়ে। অসমৰ উজনি -নামনি , পৰ্বত -ভৈয়াম সকলো ঠাইতে বাদ্যযন্ত্ৰ হিচাপে ঢোলৰ প্ৰয়োগ আছে।সাধাৰণতে- নৃত্যৰ ক্ষেত্ৰত , সামাজিক উৎসৱ আদিত আৰু দেৱ-দেৱীৰ পূজাতো ঢোল বজোৱা হয়।
নামনি অসমৰ নিচিনা “ঢুলীয়াৰ ভাও” সম্ভৱত পৃথিৱীৰ আন ক’তো নাই। নামনি অসমৰ কামৰূপ জিলা ঢুলীয়াৰ ভাওৰ কাৰণে বিখ্যাত। পুতলা নাচতকৈও নামনি অসমত ঢুলীয়াৰ ভাও অধিক জনপ্ৰিয় সাংস্কৃতিক অনুষ্ঠান। গাঁৱলীয়া বৰসবাহ উৎসৱ , দ’ল ,ভঠেলি আদিত ঢুলীয়াৰ ভাও অনুষ্ঠিত হোৱা এটা প্ৰচলিত ৰীতি। ঢোলক পৱিত্ৰ দেৱ-বাদ্য হিচাপে গণ্য কৰাৰ দৰে ঢুলীয়াৰ ভাওকো পৱিত্ৰ সঙ্গীতানুষ্ঠান হিচাপেই ৰাইজে গ্ৰহণ কৰিছিল। ঢুলীয়াত থকা ভাৱৰীয়া জন হাঁহি-কৌতুকৰ প্ৰধান কাৰণ। তেওঁৰ ধেমেলীয়া কথা , প্ৰকাশভংগী আৰু দেহৰ বিভিন্ন অঙ্গী -ভঙ্গীৰ সহায়ত দৰ্শকমণ্ডলীক হঁহুৱায়। ঢুলীয়াৰ ভাৱত গ্ৰাম্যতা আছে সঁচা কিন্তু প্ৰায়েই অশ্লীলতা বিবৰ্জিত।ভাৱৰীয়াৰ ভাও বহু পৰিমাণে মাৰ্জিত আৰু সুৰুচিপূৰ্ণ।হাঁহি কৌতুকেৰে পৰিপূৰ্ণ নামনি অসমৰ এটি অতি জনপ্ৰিয় সাংস্কৃতিক সঙ্গীতানুষ্ঠান ঢুলীয়াৰ ভাও।
পুতলা-নাচ আৰু ঢুলীয়াৰ ভাও অসমৰ দুটা প্ৰাচীন জনপ্ৰিয় সাংস্কৃতিক সঙ্গীতানুষ্ঠান। অসমীয়া সঙ্গীতানুষ্ঠানৰ পৰম্পৰা গঢ়ি তোলাত এই অনুষ্ঠান দুটাৰ প্ৰভাৱ অতুলনীয়। শিশুৰ বিকাশৰ ক্ষেত্ৰত আজিও পুতলা-নাচৰ প্ৰয়োজন আছে। আমি অতীতলৈ উভতি যাব নিবিচাৰোঁ কিন্তু গৌৰৱান্বিত অতীতক শ্ৰদ্ধাৰে স্মৰণ বা তেনে অতীতৰ ওপৰত প্ৰতিষ্ঠিত হবলৈ যত্নবান হোৱা যি কোনো সংস্কৃতিসম্পন্ন ব্যক্তি আৰু সমাজৰ কৰ্তব্য।