পাকিস্তানৰ ৰাজপথত নির্যাতনৰ বলি হ’বলগীয়া হ’ল এগৰাকী কিশোৰীসহ ৪ গৰাকী মহিলা ৷ এখন দোকানলৈ গ্ৰাহক হিচাপে আহি সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি মহিলে কেইগৰাকীক উলংগ কৰি প্ৰহাৰ কৰাৰ লগতে ৰাজপথত সমদল উলিওৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ ৷ লাহোৰৰ পৰা ১৮০ কিল’মিটাৰ দুৰত্বৰ ফৈচলাবাদত এই ঘটনা সংঘটিত হৈছে ৷ এখন দোকানত পানী বিচাৰি মহিলাকেইগৰাকী প্ৰৱেশ কৰাৰ পাছতে তেওলোকক চুৰিৰ সন্দেহত আক্ৰমন কৰে ৷
মহিলা কেইগৰাকীক নির্যাতন চলোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত মহিলা কেইগৰাকীয়ে এখন কাপোৰ গাত দিবলৈয়ো প্ৰার্থনা জনোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু তেওঁলোকক কাপোৰ দিয়াৰ পৰিৱর্তে লাঠীৰে কোবাই বন্য আনন্দত মতলীয়া হৈ পৰে উন্মত্ত লোকসকল ৷ মহিলা কেইগৰাকীয়ে তেওলোকক যাবলৈ অনুমতি দিবৰ বাবে জনোৱা কাতৰ আহ্বানক নেওচি তেওঁলোকক ঘণ্টাধৰি ৰাজপথত নগ্নভাৱে ঘুৰাই লৈ ফুৰে উন্মত্ত লোকৰ দলটোৱে ৷ ছচিয়েল মিডিয়াত এই নির্যাতনৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে পাঞ্জাৱ প্ৰদেশৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰে ৷ এই ঘটনাত জড়িত ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷